মাজুলীৰ ঐতিহাসিক আউনীআটি-সত্ৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত ১৮ ফেব্ৰুবাৰীৰ পৰা আৰম্ভ হোৱা অসম ভাওনা সমাৰোহত শুকুৰবাৰে শংকৰদেৱ গবেষণা বঁটা প্ৰদান কৰা হয়। আউনীআটী সত্ৰৰ দ্বাৰা প্ৰৱৰ্তিত শংকৰদেৱ গৱেষণা বঁটা মণিকাঞ্চণ ৰংগক্ষেত্ৰৰ মূল নামঘৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী, মাজুলীৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেবজিৎ হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শংকৰদেৱ বঁটা প্ৰদান কৰে অসমৰ দুগৰাকী বিশিষ্ট শিক্ষাবিদ ড° পবিত্ৰ প্ৰাণ গোস্বামী আৰু ড° উপেন ৰাভা হাকাচামক।
উল্লেখ্য যে, মহাপুৰুষ শংকৰদেৱক গৱেষণাৰ জৰিয়তে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত যি সকল ব্যক্তিয়ে অৰিহণা যোগাইছে সেই সকলক ২০০৫ চনৰে পৰা আউনীআটী সত্ৰই এই বঁটা প্ৰদান কৰি আহিছে। আউনীআটি-সত্ৰৰ দ্বাৰা প্ৰৱৰ্তিত এই বঁটা ২০১৯ আৰু ২০২০ বৰ্ষৰ বাবে একাদিক্ৰমে বৰগীতৰ ওপৰত দীৰ্ঘদিনে কৰি অহা গৱেষণাৰ বাবে ড° পবিত্ৰ প্ৰাণ গোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উপেন ৰাভা হাকচামক প্ৰদান কৰা হয়।