ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাটৰ পুৰণি দলংখনেৰে যাতায়াত কৰা অতি বিপদজনক হৈ পৰা বাবে দলংখনৰ নিৰ্মাণৰ দায়িত্বত থকা উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই মাজে-সময়ে দলং বন্ধ ৰাখি মেৰামতি কাৰ্য সম্পন্ন কৰি আহিছে। আনকি বিগত ২০২৩ বৰ্ষৰ আৰম্ভণিতেও ৰে’লৱে কৰ্তৃপক্ষই দলংখন প্রায় এক মাহৰ বাবে বন্ধ ৰাখি প্রায় দহ কোটি টকাৰে পুর্ননির্মাণ কৰিছিল। চলিত বাৰিষাৰ সময়ত দলংখনৰ মাজভাগত সৰু-বৰ অসংখ্য গাতৰ সৃষ্টি হোৱাত মাজে-সময়ে সৰু-সুৰা দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ইফালে দলংখন পুনৰ মেৰামতিৰ বাবে ৰে’লৱে কৰ্তৃপক্ষই ১০. আগষ্টৰ নিশা যাতায়াতৰ বাবে বন্ধ ৰাখিব বুলি সদৰি কৰিছে।
উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যমাধে দে’ই জানিবলৈ দিয়ামতে দহ আগষ্টৰ নিশা ১১ বজাত দলংখনেৰে যাতায়াত বন্ধ ৰখা হ’ব আৰু এঘাৰ আগষ্টৰ পুৱা পাঁচ বজাৰ পাছতহে যাতায়াতৰ বাবে খুলি দিয়া হ’ব। যান-জটৰ প্রতি লক্ষ্য ৰাখি দিনৰ সলনি নিশা মেৰামতি কাৰ্য সম্পন্ন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰেলৱেৰ সূত্ৰত প্ৰকাশ।