নিউজ ডেস্কঃ ‘‘এছ আই কেলেংকাৰীতকৈও বৃহৎ কেলেংকাৰী হৈ আছে বি টি আৰত৷
মই এছ আই কেলেংকাৰী কথা কবলৈ নাযাওঁ৷ বি টি আৰ ত সংঘটিত হৈ আছে হাজাৰ হাজাৰ কেলেংকাৰী’’, সাংসদ নৱ শৰণীয়াই এইদৰে বিস্ফোৰণ কৰে৷
এছ আই কেলেংকাৰীতকৈ হাজাৰ হাজাৰ টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈ আছে বি টি আৰ ত। কেৱল মাত্ৰ ওদালগুৰি জিলাতেই সংঘটিত হৈছে ১৬ শ কোটি টকাৰ কেলেংকাৰী।
কোকৰাঝাৰ জিলাৰ জলসিঞ্চনৰ নামত যি কেলেংকাৰী হৈ আছে তাতেই সেই সকল দাগী আমোলা বিষয়াক দায়িত্ব অৰ্পণ কৰি থৈছে বিভাগৰ কৰ্তৃপক্ষই, নৱ শৰণীয়াই এইদৰে অভিযোগ দিয়ে৷
এছ আই কেলেংকাৰীৰ সৈতে যি সকল মন্ত্ৰী,বিধায়ক আন আন লোকৰ নাম সাঙোৰ খাইছে এই সকলক তদন্তৰ প্ৰক্ৰিয়ালৈ আনিব লাগে । তদন্ত ক্ষীপ্ৰ আৰু স্বচ্ছ হোৱাৰ লগতে বি জে পিয়ে শূন্য সহনশীলতাৰ প্ৰমাণ কৰি দেখুৱাক বুলিও মন্তব্য নৱ শৰণীয়াৰ।