গুৱাহাটী পৌৰ নিগমৰ অস্থায়ী শ্ৰমিকৰ পদ নিয়মীয়াকৰণ কৰিব ৰাজ্য চৰকাৰে ।
গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰদান কৰিব নিয়নীয়াকৰণৰ পত্ৰ ।
১৭ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত প্ৰদান কৰিব এই পত্ৰ ।
দৈনিক হাজিৰা, ঠিকা ভিত্তিক, আৰু নিৰ্দ্ধাৰিত বেতনত কৰ্মৰত অস্থায়ী শ্ৰমিকৰ মাজৰ পৰা ৫০০ শ্ৰমিকক প্ৰথম পৰ্যায়ত প্ৰদান কৰিব নিয়মীয়াকৰণৰ পত্ৰ ।