আমি আজি নিজস্বতাৰে জীয়াই থাকিবলৈ একত্ৰিত হৈ থাকিব লাগিব।
আমাৰ মাটি ভেটি ৰক্ষা কৰিবলৈ তেজ দিম, কিন্তু মাটি নিদিওঁ৷ অসমীয়া জাতি ৰক্ষাৰ স্বার্থত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে আমি যুঁজ দি যাম– এনে মন্তব্যৰে গৰজি উঠিল চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷
কিন্তু কিয় বিধায়ক গৰাকীয়ে এই ভাষ্য প্ৰদান কৰিবলগীয়া হ’ল।
তাৰবাবে উভটি যাব লাগিব ফেব্ৰুৱাৰী মাহলৈ।
যোৱা ফেব্রুৱাৰী মাহত চতিয়া সমষ্টিৰ অন্তর্গত চকীঘাট, দিঘলী চাপৰি, ননকে, গতাইমাৰী, লালেটাপু আদি চৰ-চাপৰিৰ প্ৰায় ৫০০টা সন্দেহজনক পৰিয়ালক শোণিতপুৰ জিলা প্রশাসনে উচেছদ কৰিছিল। এই উচেছদিত ভূমিৰ এহেজাৰ বিঘা আকৌ অলপতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে স্থানীয় নিবনুৱাক কৃষি কর্মৰ বাবে আবণ্টন দিছিল৷ কিন্তু এই মাটি এৰি দিব খোজা নাছিল পূৰ্বৰে পৰা দখল কৰি থকা একাংশ সন্দেহজনক নাগৰিকে। যাৰ পৰিণতিত এই ঘটনাৰ অৱকাশ ঘটিল।
প্ৰতিশ্ৰুতি অনুসৰি অঞ্চলটোৰ প্ৰায় ৩০টা আত্ম সহায়ক গোটক কৃষি কৰ্মৰ বাবে প্ৰশাসনে স্থানীয় লোকৰ সহযোগত সীমা নিৰ্ধাৰণৰ কাম কৰি থকা অৱস্থাত এটা ২০/২৫ জনীয়া সন্দেহজনক নাগৰিকৰ দলে অতৰ্কিতে দা, জাঠি জোং লৈ প্ৰশাসনৰ লোকৰ লগতে আত্ম সহায়ক গোটৰ সদস্য সকলক আক্ৰমণ কৰে৷ আনকি এই আক্ৰমণত চক্ৰ বিষয়া, স্থানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি মুঠ বাৰজন লোক আহত হয়। পৰিবেশ উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে শূন্যলৈ কেইবাজাইও গুলী চলোৱাত আক্ৰমণকাৰী সন্দেহজনক নাগৰিককেইটাই পলায়ন কৰে ৷
ইফালে এই ঘটনাৰ পিছতে হাতত নিজৰ অনুজ্ঞাপত্ৰ থকা বন্দুক লৈ ঘটনাস্থলীত উপস্থিত হয় স্থানীয় বিধায়ক পদ্ম হাজৰিকা। সন্দেহজনক নাগৰিকৰ এই দুষ্কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পুনৰ এনে কাণ্ড সংঘটিত কৰিলে পৰিস্থি্তি বিষম হোৱাৰ হুংকাৰ দিয়ে বিধায়ক পদ্মই। কেৱল এয়াই নহয়, ঘটনাস্থলীত দ্বিতীয় দিনাও উপস্থিত হৈ বিধায়ক পদ্ম হাজৰিকাই সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে পুনৰ গৰজি উঠে।
খিলঞ্জীয়াৰ প্ৰভুত্ব অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত বিধায়ক পদ্ম হাজৰিকাৰ এই হুংকাৰক স্থানীয় লোকে সমৰ্থন কৰিছে যদিও কংগ্ৰেছ, চিপিআইএমকে ধৰি বিৰোধীয়ে আকৌ বিধায়কগৰাকীৰ হাতত বন্দুক লৈ অহা আচৰণক মাফিয়াগিৰিৰ সৈতে তুলনা কৰিছে।
কিন্তু প্ৰশ্ন হয়, সন্দেহজনক নাগৰিকে খিলঞ্জীয়াক আক্ৰমণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱাৰ সময়ত খিলঞ্জীয়াৰ মাজতে মতানৈক্য কিয়?
আমাৰ এনেবোৰ ৰাজনৈতিক মতবিৰোধৰ বাবে বিদেশী আহি ইয়াত খোপনি দৃঢ কৰিবলৈ সুযোগ পাইছে নেকি?