বিহুতেই বলিয়া মন। বিহু বুলি কলেই যেন ভৰিৰ গিৰিপনিত নাচি উঠে প্ৰকৃতি। আকাশৰ বৰষা ধৰিত্ৰীৰ সেউজীয়াবোৰত বিলীন সকলো। ব’হাগৰ এই ক্ষণতেই বাক্সা জিলাৰ অন্তৰ্গত সাদেৰী গাঁৱৰ ৰাইজ তথা ইউথ ক্লাবৰ সহযোগত আয়োজন কৰা হ’ল এখনি ব্যতিক্রমী অনুষ্ঠান। প্ৰতিবছৰে সাদেৰী অঞ্চলত ব’হাগক গীতে মাতে ঢোলে তালে আদৰি এই গাঁওখনৰ বিহুখনিয়ে সম্পূৰ্ণ কৰিলে ২৫ টা বছৰ। ৰূপালী জয়ন্ত বৰ্ষৰ সৈতে সংগতি ৰাখি ৩ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ল বিহু সন্মিলনীখনি। লগতে ৰূপালীৰ সুবাস নামৰ স্মৃতিগ্ৰন্থ এখনিও উন্মোচন কৰা হয়।
উল্লেখ্য যে প্ৰথম দিনৰ কাৰ্যসূচীত নানান ধৰণৰ খেল- ধেমালিৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। গাওঁৰ ডেকা গাভৰু বুঢ়া মেঠা সকলোৱে মনে প্ৰানে সহযোগ কৰা দেখা গ’ল।
ব্যতিক্রমী কাৰ্যসূচীৰে দ্বিতীয় দিনা গাওঁখনিত আয়োজন কৰা হ’ল ভাতৃ ভগ্নী জোঁৱাই সন্মিলন। এই অনুষ্ঠানত গাঁওৰ বিয়া হোৱা জীয়ৰী সমূহক নিমন্ত্রণ জনাই জী-জোৱাই বোৱাৰী সকলো মিলি প্ৰীতি ভোজ খোৱাৰ লগতে সন্ধিয়া মুকলি বিহুৰ লগতে স্থানীয় শিল্পীসমূহৰ গীত-নৃত্যৰ অনুষ্ঠানৰো আয়োজন কৰা হয়। তৃতীয় তথা অন্তিমটো দিনত আয়োজন কৰা হয় এখনি সাংস্কৃতিক শোভাযাত্রা। এই শোভাযাত্রাত মানসৰ পৰা অনা গজৰাজেও অংশগ্ৰহণ কৰে। আবেলি মুকলি সভাৰ আয়োজন কৰা হয়। লগতে সন্ধিয়া আমন্ত্রিত শিল্পীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰা হয়।