ঘোষণা কৰা হ’ল অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল ।
মঙলবাৰে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে উপ-পৰিদৰ্শকৰ ৫৯৭টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ।
উপ-পৰিদৰ্শকৰ (ইউ বি) ৫৯৭টা পদত ৪১৮ জন পুৰুষ আৰু ১৭৯ গৰাকী মহিলা পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।
২০ ছেপ্তেম্বৰত অনুষ্ঠিত প্ৰথমটো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ তদন্ত চলি থকাৰ মাজতে ২২ ফেব্ৰুৱাৰীত পুনৰ অনুষ্ঠিত হৈছিল পৰীক্ষা ।
মুখ্যমন্ত্ৰীৰ তৎপৰতাত ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে ।
উল্লেখ্য, ২০ ছেপ্তেম্বৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিছু সময়ৰ পিছতেই ফাদিল হৈছিল প্ৰশ্নকাকত।
যাৰবাবে বাতিল কৰা হৈছিল পৰীক্ষা ।
তদন্তত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল পি কে দত্ত,দিবন ডেকাকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়া কুমাৰ সঞ্জীত কৃষ্ণ ।