গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ অধীনত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অন্তৰ্গত অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ উদ্যোগত অলপতে সৰ্বভাৰতীয় পৰ্য্যায়ত আয়োজিত স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনৰ জৰিয়তে অভিযান্ত্ৰিক শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক প্ৰত্যাহ্বানৰ প্ৰতি নিজৰ উদ্ভাৱনীমূলক সমাধান দাঙি ধৰাৰ এক অনন্য সুযোগ লাভ কৰে। চৰকাৰী সত্তা, উদ্যোগ আৰু অন্যান্য সংস্থা সমূহে সন্মুখীন হোৱা উল্লেখযোগ্য অসুবিধাসমূহ মোকাবিলা কৰাৰ বাবে স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ উদ্দেশ্যৰ সৈতে মিল থকা উদ্ভাৱন আৰু সমস্যা সমাধানৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক এখন মঞ্চ প্ৰদান কৰাই আছিল প্ৰতিযোগিতাখনৰ মূল লক্ষ্য।
অভিযান্ত্ৰিক শাখাৰ কেইবাটাও দলে উপস্থাপন কৰা প্ৰস্তাৱসমূহে স্থায়ী সমাজ সমস্যাসমূহৰ বাবে হাৰ্ডৱেৰ আৰু চফ্টৱেৰ সংস্কৰণ দুয়োটাতে বহুতো প্ৰতিকাৰ সামৰি লৈছিল । য’ত ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যক প্ৰসাৰিত কৰা, দুৰ্যোগ ব্যৱস্থাপনা, ইন্টাৰেক্টিভ গেম, ইন্টাৰনেটভিত্তিক সমাধান, চাইবাৰ সুৰক্ষা আৰু বহুতো বিষয় অন্তৰ্ভুক্ত আছিল। বিশ্ববিদ্যালয়খনৰ বিদ্যুৎ আৰু অণুবিদ্যুৎ বিভাগৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক ড০ গীতু দাসৰ তত্ত্বাৱধানত অনুষ্ঠিত প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্বত আছিল ক্ৰমে – বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক শাখাৰ সহযোগী অধ্যাপক ডঃ ববি শৰ্মা, ড° জিপ্সী নন্দী, ডঃ বিক্ৰমজিৎ গোস্বামী আৰু সহকাৰী অধ্যাপক ডঃ জ্যোতি কুমাৰ বৰ্মন আৰু ৰূপেশ মণ্ডল। আনহাতে প্ৰতিযোগিতাখন সন্দৰ্ভত প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক, অধ্যাপক মনোৰঞ্জন কলিতাই ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে শলাগ লৈ অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে আগৰ সংস্কৰণ কেইটাৰদৰে পুনৰবাৰ চূড়ান্ত প্ৰতিযোগিতাত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।