জীয়ৰীৰ খৱৰ ল’বলৈ আহি এগৰাকী মাতৃ ভৰ্তি হ’বলগীয়া হ’ল চিকিৎসালয়ত ৷
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ ১০ নং ৱাৰ্ডত ৷
জোঁৱায়েকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন এগৰাকী মহিলা ৷
দেওবাৰে ৰঙিয়াৰ ১০ নং ৱাৰ্ডত থকা জীয়ৰী নাজনীন চুলতানাৰ ঘৰলৈ আহিছিল মাতৃগৰাকী ৷
কোনো কথাত বিতৰ্কত লিপ্ত হয় শাহু আৰু জোঁৱাই ৷
ঘটনাৰ মাজতে শাহুৱেকক গুৰুতৰভাৱে প্ৰহাৰ কৰে জোঁৱাই আমিনুল হকে ৷
জোঁৱায়েকৰ প্ৰহাৰত আহত মহিলাগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷
ইতিমধ্যে নাজনীন চুলতানাৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে আমিনুল হকৰ বিৰুদ্ধে ৷
উল্লেখ্য, ৪ বছৰ পূৰ্বে আমিনুল হকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নাজনীন চুলতানা ৷
এটি কন্যা সন্তানৰ মাতৃ নাজনীন চুলতানাক পুত্ৰ সন্তানৰ বাবে প্ৰায়েই শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছে আমিনুল হকে।