গুৱাহাটীৰ ভৰলু নৈ আৰু ব্ৰহ্মপুত্ৰ নৈ’ৰ সংঙ্গম স্থানত ব্ৰিটিছৰ শাসনৰ বিৰোধিতা কৰি সোণাৰাম ৰাজ মেধী ডাঙৰীয়াই স্হাপন কৰা শতবৰ্ষ গৰকা বিদ্যালয়ত গুৱাহাটী পৌৰ নিগমৰ ১৪ নং ৱৰ্ডৰ পাৰিষদ পৰিচলনা সমিতিৰ সদস্য মঞ্জু বৰা নেতত্বত, ৱাৰ্ডসমূহ বুথ কমিটিৰ বিষয়ববীয়া আৰু গুৱাহাটী পৌৰ নিগমৰ এটা শ্ৰমিকৰ দলে বিদ্যালয়ৰ চৌপাশৰ লগতে স্কুল হোষ্টেল আৰু সোণাৰাম খেলপথাৰৰ চৌপাশ ব্যৱহাৰপযোগী কৰি তুলিবলৈ এক চাফাই অভিযান কৰে।
উক্ত চাফাই অভিযানত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী মালবিকা চৌধুৰী আৰু প্ৰাক্তন ছাত্ৰ নেতা বিজেপি দলৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱ জ্যোতি মৰলে উপস্থিত থাকি পাৰিষদ মঞ্জু বৰা বিজেপি দলৰ বুথ সমিতিৰ বিষয়ববীয়া সকলৰ প্ৰচেষ্টাক সলাগ লয় ৷ উক্ত কাৰ্যসূচীত স্থানীয় বাসিন্দা ৰাজিপ বৰা, প্ৰাক্তন ছাত্ৰ নেতা মনোজ দাস, ৰুবুল ডেকা, ডেকা সত্ৰাধিকাৰ সনাতন বাপকে ধৰি স্হানীয় ৰাইজ, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সদস্যসকল, প্ৰাক্তন ছাত্ৰ সকলে অংশ গ্ৰহণ কৰি উক্ত চাফাই অভিযান সফল কৰে ।