নিউজডেস্কঃ সোমবাৰে অনুষ্ঠিত হ’ল সোনোৱাল মন্ত্ৰীসভাৰ কেবিনেট বৈঠক।কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বৰূপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।ইতিমধ্যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই সন্দৰ্ভত সবিশেষ সংবাদমেলযোগে জানিবলৈ দিছে।
সেই অনুসৰি,অসমৰ লাইব্ৰেৰীয়ান সকলৰ দৰমহা ৯০০ৰ পৰা ১২হাজাৰলৈ বৃদ্ধিৰ পোষকতা কৰা হৈছে কেবিনেটত। আনহাতে সহায়কসকলৰ দৰমহা ৫৫০ টকাৰ পৰা ৯৫০০টকালৈ বৃদ্ধি কৰা হ’ব।
বজালী মহকুমাক পূৰ্ণাংগ জিলা হিচাপে অনুমোদন জনোৱা হৈছে। বজালীত ৮৫টা নতুন পদৰ সৃষ্টি কৰা হৈছে।
ষ্ট্ৰিট ভেণ্ডৰ এক্টৰ মতে ব্যৱসায়ৰ স্থান নিৰ্ধাৰণ কৰা হ’ব।ইয়াৰ বাবে জৰীপ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
ইতিমধ্যে ১০খন জিলাত ১০গৰাকী বিষয়াক নিযুক্তি দিয়া হৈছে।বেচৰকাৰী বিদ্যালয়ৰ মাচুলৰ ক্ষেত্ৰতো বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এতিয়াৰে পৰা বেচৰকাৰী বিদ্যালয়ৰ মাচুল কমিটিয়ে নিৰ্ধাৰণ কৰিব।বাছ চলাচলৰ ক্ষেত্ৰতো সিদ্ধান্ত কেবিনেটৰ।ষ্টেট কেপিটেলৰ ২৩৩ খন আৰু কম দূৰত্বৰ ১৪৭ খন বাছ চলাব পাৰিব।দীৰ্ঘ দূৰত্বৰ বাবে পাঁচ বছৰৰ বাবে এ এছ টি চিৰ অধীনত ২৩৮খন বাছ চলিব। এছ ডি আৰ এফৰ দুটা নতুন বেটেলিয়ন সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত।
Briefing press after cabinet meeting. pic.twitter.com/kgtfjth5aW
— Chandra Mohan Patowary (@cmpatowary) August 10, 2020