‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ অংশ হিচাপে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত উলিওৱা হয় এটি চকু জুৰ পৰি যোৱা নৌকা সমদল ৷ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী আৰম্ভ হোৱাৰ দিনটোতে প্ৰায় ৭৫খন সু-সজ্জিত নৌকাই এঘন্টাৰো অধিক সময় বৰলুইতৰ বুকুত সমদল কৰি সকলোকে মোহিত কৰে৷
ধুবুৰী টাউনৰ কাছাৰী ঘাটৰ পৰা উলিওৱা তিৰংগা নৌকা সমদল আনুষ্ঠানিকভাৱে মুকলি কৰে ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ৷ জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল প্ৰমুখ্যে জিলা প্ৰশাসনৰ সকলো বিষয়া আৰু বহুসংখ্যক কৰ্মচাৰী। ধুবুৰীৰ স্থানীয় বিশিষ্ট নাগৰিকসকলে ভাগ লোৱা নৌকা সমদলটো কছাৰীঘাটৰ পৰা প্ৰথমে চলাকুৰা চৰলৈ গৈ উভটি আহি নিৰ্মীয়মান ধুবুৰী- ফুলবাৰী দলঙৰ দিশলৈ কিছুদূৰ যায়৷
তাৰ পৰা উভটি আহি ধুবুৰী টাউনৰ বি এছ এফ ৱাটাৰ উইঙৰ ঘাটত সমদলটোৰ অন্ত পৰে ৷ জিলা উপায়ুক্তৰ পৰিকল্পনা আৰু তত্বাৱধানত ৰূপায়ণ কৰা এই নৌকা সমদলৰ জৰিয়তে ধুবুৰীৰ চৰ অঞ্চলৰ লোকক দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চলি থকা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সাঙুৰি লৈ দেশাত্মকবোধ আৰু দেশপ্ৰেমৰ বাণীৰে সকলোকে উদ্বুদ্ধ কৰিবলৈ প্ৰয়াস কৰা হয় ৷
এই সমদলক লৈ ধুবুৰীৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায় ৷ চলাকুৰা চৰত শতাধিক শিক্ষাৰ্থীয়ে জাতীয় পতাকা জোকাৰি সমদলটোলৈ সঁহাৰি জনোৱাৰ দৃশ্য আছিল অতি মনোৰম।