নিউজ ডেস্কঃ দৌৰবিদ হিমা দাসৰ আজি ২১ বছৰীয়া জন্মদিন ৷
স্প্ৰীণ্টাৰ গৰাকীয়ে উদযাপন কৰিলে নিজৰ বিশেষ দিনটো ৷
অসমৰ তৰুণ ক্ৰীড়া তাৰকা গৰাকীয়ে নিষ্ঠা,একাগ্ৰতা আৰু প্ৰতিভাৰ বলত ইতিহাসত সোণালী আখৰেৰে খোদিত কৰিলে নিজৰ নাম ৷
বিশ্বৰ পটভূমিত উজ্বলাই তুলিলে মাতৃভূমিক ৷
২০১৮ চনত ২০ বছৰ অনূৰ্ধ্বৰ IAAF ৱৰ্ল্ড চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি গৌৰাৱান্বিত কৰিছিল দেশবাসীক ৷
দেশক প্ৰতিনিধিত্ব কৰি ইটোৰ পিছত সিটো পদকেৰে সন্মান কঢ়িয়াই আনিছে অসম সন্তান হিমাই ৷
আজি ওপজা দিনটোত অনুৰাগীসকলৰ লগতে অসমবাসীয়ে জন্মদিনৰ শুভেচ্ছা জনাইছে হিমাক ৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ফোনযোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে দৌৰবিদ গৰাকীক ৷
https://twitter.com/sarbanandsonwal/status/1347820600367009792?s=20
লগতে ২০২১ ত অনুষ্ঠিত হ’ব লগীয়া টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে ৷
photo: google