নিউজ ডেস্কঃ জীৱনজোৰা অধ্যৱসায়, পাণ্ডিত্য তথা প্ৰজ্ঞাৰে অসমীয়া সাহিত্য আৰু সাংস্কৃতিক চহকী কৰা বিশিষ্ট পণ্ডিত, গৱেষক তথা অধ্যাপক ভৱপ্ৰসাদ চলিহাক দেওবাৰে প্ৰদান কৰা হয় শ্ৰীমন্ত শংকৰদেৱ বঁটা ২০২০।
Presented the #SrimantaSankardevaAward 2020 to eminent educationist & scholar Shri Bhaba Prasad Chaliha in Guwahati. The award was received by Smt. Nandita Chaliha, on behalf of the scholar. Also, released a souvenir on the ocassion. pic.twitter.com/79Kot4TJzv
— Sarbananda Sonowal (@sarbanandsonwal) January 3, 2021
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা বিশিষ্ট পণ্ডিতগৰাকীৰ পত্নী নন্দিতা চলিহাই এই বঁটা গ্ৰহণ কৰে।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশিষ্ট গৱেষক পণ্ডিত, অধ্যাপক শ্ৰীযুত ভৱপ্ৰসাদ চলিহাদেৱলৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল আৰু সন্মানীয় মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলেৰ সৈতে উপস্থিত থাকিবলৈ পাই অতিকৈ আনন্দিত হৈছো pic.twitter.com/4RQKiFDJOy
— Himanta Biswa Sarma (@himantabiswa) January 3, 2021
উল্লেখ্য যে, পণ্ডিত ভৱপ্ৰসাদ চলিহা শাৰিৰীকভাৱে অসুস্থ হৈ থকাৰ বাবে তেওঁৰ পত্নী নন্দিতা চলিহাই বঁটা গ্ৰহণ কৰে।
দেওবাৰে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও শিক্ষা-স্বাস্থ্য-বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী নৱকুমাৰ দলে, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিৱ পৱন কুমাৰ বৰঠাকুৰ আৰু মুখ্য সচিৱ জিষ্ণু বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।