নিউজ ডেস্কঃ চৰকাৰৰ হেমাহিৰ বাবেই ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলে বিগত ৯ মাহৰ পৰা ২৭ মাহ পৰ্যন্ত দৰমহাৰ পৰা বঞ্চিত হৈ আছে৷ উল্লেখ্য যে ষষ্ঠ বিত্তীয় আয়োগে যোৱা ফেব্ৰুৱাৰী মাহতেই প্ৰতিবেদন দাখিল কৰাৰ পিচতো ৰাজ্য চৰকাৰে এই প্ৰতিবেদন গৃহীত কৰা নাই৷ যাৰ পৰিণতিত ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলৰ দৰমহাৰ বাবদ ধাৰ্য কৰা ডিভ’লশ্বন পুজিৰ ধন আজি পৰ্যন্ত মুকলি হোৱা নাই৷ যাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে পৌৰ কৰ্মচাৰী সকলে৷ যোৱা এপ্ৰিল মাহৰ পৰা ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলে দৰমহাৰ মুখ দেখা নাই৷ দুৰ্ভগীয়া পৌৰ কৰ্মচাৰী সকলে যাতে অহা ভোগালী বিহু পৰিয়ালৰ সৈতে আনন্দৰে উদযাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাপ্য দৰমহা আদায় দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে৷
উল্লেখ্য যে পৌৰ কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই ধাৰাবাহিক আন্দোলন কৰি আহিছিল৷ ইয়াৰ মাজতে যোৱা ২৮ আগষ্টত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ এটা প্ৰতিনিধি দলে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে সংশ্লিষ্ট মুৰব্বী বিষয়াৰ উপস্থিতিত এক আলোচনাত মিলিত হৈছিল৷ আলোচনাৰ অন্তত মন্ত্ৰীদ্বয়ে পৌৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল সন্থাৰ প্ৰতিনিধি দলটোক৷
বিত্ত মন্ত্ৰী আৰু নগৰ উন্নয়ন মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত ৩০ আগষ্টত অনুষ্ঠিত সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত চৰকাৰক ইয়াৰ বাবে সময় দি নৱেম্বৰলৈ সকলোধৰণৰ আন্দোলন সাময়িকভাৱে স্থগিত ৰাখে৷ শেহতীয়াকৈ জানিব পৰা মতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি পৌৰ কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে৷ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা কালি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা ভৱনত সন্থাৰ সভাপতি সুনীল কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ সন্থাৰ সাধাৰণ সম্পাদক গিয়াছ আলীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে সভাৰ জৰিয়তে চৰকাৰে পৌৰ কৰ্মচাৰী সকলৰ বাবে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপক আদৰণি জনাইছে৷
অৱশ্যে এই চৰকাৰীকৰণ প্ৰক্ৰিয়াৰ পৰা যাতে ফিক্সড কৰ্মচাৰী, চাফাই কৰ্মচাৰী, হৰিজন কৰ্মচাৰী আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কৰ্মচাৰী সকল বাদ নপৰে তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাইছে৷ ইপিনে ২৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধান সভাৰ তিনি দিনীয়া শীত কালীন অধিৱেশনত চাকৰি চৰকাৰীকৰণৰ বিধেয়ক উত্থাপন কৰি গৃহীত কৰাৰ বাবে দাবী জনায়৷ অৱশ্যে পূৰ্বৰ দৰে যাতে ললিপোপ সদৃশ কৰি পুনৰ পৌৰ কৰ্মচাৰী সকলক আন্দোলন কৰিবলৈ বাধ্য নকৰায় তাৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে সভাত প্ৰস্তাৱ গ্ৰহণ কৰে৷