নিউজ ডেস্কঃ মাঘৰ বিহুত উৰুকাৰ দিনটো সীমিত বন্ধ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷
মাঘ বিহুৰ উৰুকাত এইবাৰ ৰাজ্যিক কৰ্মচাৰীয়ে বন্ধ পাব।
বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মাঘ বিহুৰ উৰুকাৰ দিনাখন সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰে ৷
উল্লেখ্য, ১৩ জানুৱাৰী তাৰিখটো সীমিত বন্ধ হিচাপে ঘোষণা কৰাৰ লগতে ৰাজ্যৰ সমবিকাশৰ লক্ষ্য আগত ৰাখি এক গুৰত্বপূর্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে বৰাক উপত্যকাৰ মাণ্ডলিক আয়ুক্ত কার্যালয় গুৱাহাটীৰ পৰা শিলচৰলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে ৷
তাৎক্ষণিকভাৱে কার্যকৰী হ’বলগীয়া এই সিদ্ধান্তৰ জৰিয়তে চৰকাৰী কাম–কাজৰ ক্ষেত্রত উপত্যকাটোৰ জনসাধাৰণ বিশেষভাৱে উপকৃত হ’ব বুলিও ধাৰণা কৰিছে ৰাজ্য চৰকাৰে ৷