নিউজ ডেস্কঃ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সমৰ্থনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ঘেৰাও কৰাৰ কাৰ্যসূচীত গ্ৰহণ কৰিব ৷
উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকল একগোট হয় লখৰাৰ উদয়ন কৃষ্টি সংঘৰ বাকৰিত।
আৰু ইয়াৰ পৰা পদযাত্ৰা কৰি উজান বজাৰস্থিত মুখ্যমন্ত্ৰীৰ বাস ভৱন ঘেৰাও কৰিব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বেতন বঞ্চিত শিক্ষকৰ সমস্যা অতি সোনকালে সমাধান কৰা,
নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতি অসমত বাতিল কৰি পুৰণি পেঞ্চন দিবৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা,
ঠিকাভিত্তিক শিক্ষকৰ মৰগীয়া বানচ আৰু গ্ৰেড পে আদায় দিয়া, শিক্ষকৰ আৰ্জিত ছুটি বছৰি ৩০ দিনলৈ বৃদ্ধি কৰা,
শিক্ষকৰ পূৰ্ণাংগ সেৱা-বিধি প্ৰস্তুত কৰা, অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ অতিশীঘ্ৰে প্ৰাদেশিকৰণ কৰা,
খালি হৈ থকা বিভিন্ন পৰ্যায়ৰ শিক্ষা বিষয়াৰ পদসমূহ অতিশীঘ্ৰে স্থায়ী বিষয়া নিযুক্তি দিয়া,
ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে’ ঘূৰাই দিয়াৰ এনেবোৰ উদ্দেশ্য আগত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিব ৷
এতিয়ালৈ অসমৰ সকলো জিলাৰ প্ৰতিনিধিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।
তামোলপুৰ ব্ল’কৰ পৰা প্ৰতিবাদলৈ ওলায় অহা শিক্ষকক গোৰেশ্বৰৰ আৰক্ষীয়ে বাধা আৰোপ কৰে ৷
জানিব পৰা মতে অসমৰ বিভিন্ন ঠাইৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিব অহা শিক্ষকক আৰক্ষীয়ে আটক কৰিছে।
ইতিমধ্যে প্ৰতিবাদকাৰী শিক্ষকে “চৰকাৰৰ কোনো কাম নাই…সৰ্বানন্দ চৰকাৰ হায় হায়..” ধ্বনিৰে উত্তাল কৰি তুলিছে কামৰূপ মহানগৰৰ প্ৰতিবাদস্থলী ৷
লগতে প্ৰতিবাদকীৰ শিক্ষকে অসম চৰকাৰক প্ৰত্যাবান জনায় কয় যে “অসমৰ মন্ত্ৰীয়ে যদি ২৯ কিঃ মিঃ চাইকেল চলায় যাব পাৰে তেন্তে আমিও খোজ কাঢ়িব পাৰিম ৷”