বহি:ৰাজ্যত পঞ্জীয়ণভুক্ত হৈ অসমত বিনা দ্বিধাই চলি থকা যান-বাহনৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ, পৰিবহণ বিভাগ৷ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে বৰ্হিৰাজ্যত পঞ্জীয়নভূক্ত হৈ অসমত চলি থকা যান-বাহনৰ গৰাকীক সকিয়াই দি অসমৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় সমূহত যান-বাহন আইন ১৯৮৮ৰ ৪৭নং ধাৰা, যান-বাহন বিধি ১৯৮৯ৰ ৫৪নং বিধি অনুসৰি পূণৰ পঞ্জীয়ন কৰিহে চলাবলৈ নিৰ্দেশ দিয়ে। অন্যথা এনেকুৱা বাহনৰ বিৰুদ্ধে অনতিপলমে তীব্ৰ অভিযান চলিব বুলিও সকীয়াই দিয়ে৷
তদুপৰি যিসকল বৃহৎ আৰু বহুজাতিক উদ্যোগ আৰু নিৰ্মাণ প্ৰতিষ্ঠানে অসমত ব্যৱসায় বাণিজ্য চলাই আছে যদিও তেওঁলোকৰ বাহনসমূহ মেঘালয়, নাগালেণ্ড, মনিপুৰ, ত্ৰিপুৰা, মিজোৰামকে ধৰি অনান্য বহি:ৰাজ্যত পঞ্জীয়নভূক্ত হৈ আছে সেইসমূহ বাহনৰ গৰাকীৰ বিৰুদ্ধেও কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে অনাগত দিনত যানবাহনৰ বিধি অনুসৰি বৃহৎ পৰিমাণৰ জৰিমনা বিহা হ’ব বুলিও ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে মন্তব্য কৰে৷