হেডলাইন এইট্ বিশেষঃ এসময়ত এনে দিন আছিল যেতিয়া বিটিআৰত চলিছিল হাগ্ৰামা মহিলাৰীৰ একনায়কত্ববাদ শাসন৷ বিটিআৰত ১৭ বছৰ ধৰি শাসন চলোৱা হাগ্ৰামাৰ ৰাজনৈতিক জগতখনত সফলতাৰ ই এক ইতিহাস৷
২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচন৷ বিজেপিৰ সৈতে হাগ্ৰামাৰ নাম খোদিত হ’ল সেই সময়ছোৱাতে ৷ সেই সময়ৰে পৰা বিজেপি আৰু হাগ্ৰামাৰ বিজয় ধ্বজা উৰিছিল বিটিআৰ-ত। সেয়া সম্ভৱ হৈছিল বিধানসভা নিৰ্বাচনত বিজেপিক হাগ্ৰামাই বিপুল ভোটত জয় লাভৰ বৃহৎ অংশীদাৰ কৰাৰ বাবেহে৷ তেতিয়াৰে পৰা সৰ্বা, হিমন্ত মুখেৰে ওলোৱা বাণী হাগ্ৰামাৰ মুখেৰেও প্ৰকাশ হৈছিল৷ এক প্ৰকাৰে হিমন্তৰ দ্বিতীয় ৰূপ হৈ পৰিছিল হাগ্ৰামা ৷ হিমন্ত য’ত, হাগ্ৰামাও ত’ত ৷ একেখন থালতে খোৱা-লোৱা , সনা-পিটিকা কৰা হিমন্ত আৰু হাগ্ৰামাৰ মিতিৰালি অসমবাসীৰ বাবে আজিও এখন স্পষ্ট ছবি ৷ সকলোবোৰ ঠিকে-ঠাকে আছিল দুয়ো ৰাজনৈতিক দলৰ মাজত ৷
২০১৯ চন৷ বিটিআৰত নিৰ্বাচনৰ সময় চমু চাপিল ৷ ঠিক তেনে সময়তে ক’ৰোনাই সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰিলে ৷ সমগ্ৰ বিশ্বৰ লগতে অসমতো লক্ ডাউনৰ ঘোষণা কৰা হ’ল ৷ গৃহবন্দী হৈ পৰিল সমগ্ৰ বিশ্ববাসী ৷ বিটিআৰ-ৰ নিৰ্বাচন পিছুৱাবলৈ বাধ্য হ’ল ৰাজ্য চৰকাৰ ৷ লাহে লাহে ক’ৰোনাৰ ভয়াৱহতা কমিবলৈ ধৰাত আকৌ বিটিআৰ-ত নিৰ্বাচনৰ ঢৌ উঠিল ৷ এনে সময়তে ৰাজ্য চৰকাৰে বিটিআৰ-ৰ নিৰ্বাচনৰ বাবে ডিচেম্বৰৰ ৭ আৰু ১০ তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ সেইমৰ্মে বিটিআৰ-ত নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী আৰম্ভ হয় ৷
হেন সময়তে হঠাৎ ওলোটা খৰ মাৰিলে বিজেপি-য়ে ৷ হাগ্ৰামাক এৰি ইউ পি পিএলৰ সভাপতি প্ৰমোদ বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল বিজেপি ৷ কাহানিও বিটিআৰ-ত নাম-গোন্ধ নোহোৱা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো ধুমকেতুৰ দৰে বিটিআৰ-ত দৃশ্যমান হ’ল ৷ হিমন্তৰ মুখত হাগ্ৰামাৰ বদনাম, হাগ্ৰামাৰ মুখত হিমন্তৰ দুৰ্নামৰে বিটিআৰ-ৰ নিৰ্বাচনী প্ৰচাৰৰ শ্ল’গান হৈ মুখৰিত হ’ল ৷ নিৰ্বাচনৰ আগমূহুৰ্তলৈ ঠিকে চলিল হাগ্ৰামাৰ ফিটাহি ৷ ৭ আৰু ১০ ডিচেম্বৰত হৈ যোৱা বিটিআৰ-ৰ নিৰ্বাচনৰ ফলাফল ১২ ডিচেম্বৰত ঘোষণা কৰা হ’ল ৷ ১৭খন আসনেৰে বিপুল ভোটচ জয় লাভ কৰিও হাগ্ৰামাই বিটিআৰৰ গাদী এৰিব লগীয়া হ’ল ৷ ৰাইজৰ বিপুল সঁহাৰি স্বত্বেও হাগ্ৰামাৰ ভৰি পিছল খালে বিটিআৰ-ত ৷ এয়া আছিল বিজেপিৰ চলনা ৷ মাত্ৰ ১২খন আসনতে সীমাবদ্ধ হৈও প্ৰমোদ বড়োই বিটিআৰ-ৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী পদত অধিষ্ঠিত হ’ল৷ এয়া বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপিৰ কৰ্ম-কাণ্ড ৷ হাগ্ৰামাক কন্দুওৱাৰ পিছতো ক্ষান্ত নহ’ল বিজেপি ৷ আকৌ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত হাগ্ৰামাৰ সৈতে মিতিৰালিৰ ইংগিত দি জোকাই ল’লে বিজেপিয়ে ৷
এয়া কেনেকুৱা ৰাজনীতি? অসমৰ ৰাজনীতি এতিয়া কোন দিশলৈ গতি কৰিবলৈ গৈ আছে সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ বিটিআৰ-ক লৈ কৰা শাসক দলৰ কূট-ৰাজনীতিৰ মেৰপাকত পুনৰ সোমাই পৰিব নেকি হাগ্ৰামা? আগন্তুক সময়ে কিহৰ ইংগিত দিয়ে তাৰ অধীৰ অপেক্ষাত আছে অসমৰ জনসাধাৰণ ৷