গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনষ্ঠ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰত ২১ মাৰ্চ তাৰিখে অৰুণাচল প্ৰদেশৰ হিলছ্ কলেজ অৱ টিচাৰ এডুকেচনৰ এটি শিক্ষাৰ্থীৰ দলৰ আনুষ্ঠানিক ভাৱে মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। উক্ত শিক্ষানুস্থানৰ সহকাৰী অধ্যাপক বিউতি লেগো, ওইট্ টপক আৰু জয় কুমাৰ দেৱৰ আৰু ড’ মনোজ কুমাৰ নায়কৰ যুতীয়া তত্ত্বাৱধানত শিক্ষাৰ্থীৰ প্ৰায় এশজনীয়া দল এটাই বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগকে ধৰি আন কেইবাটাও বিভাগৰ লগত নিজৰ মত বিনিময় কৰে। লগতে ছাত্ৰ-ছাত্ৰী সকলে অৰুণাচল প্ৰদেশৰ সাহিত্য তথা কলা সংস্কৃতি ভাষা আদিৰ বিষয়ে অনুষ্ঠান প্ৰদৰ্শন কৰে।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ সঞ্চালক ড’ দেৱহৰি তালুকদাৰে শিক্ষাৰ্থীসকলৰ সৈতে অনুভৱ বিনিময় কৰাৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ড’ শিখা দত্তই।