অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ বাবে সভাপতি পদত সূৰ্যকান্ত হাজৰিকা নিৰ্বাচিত হোৱাৰ লগতে উপ সভাপতি পদত গিৰিশ সন্দিকৈ, প্ৰধান সম্পাদকৰ পদত উপেন্দ্ৰজিৎ শৰ্মাই জয়লাভ কৰে।
উল্লেখ্য, শনিবাৰে নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ ভোট গণনা। প্ৰধান সম্পাদকৰ পদত ৫গৰাকী পাৰ্থীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। সভাপতি আৰু উপ-সভাপতি পদত পদত প্ৰাৰ্থিত্ব আগবঢ়াইছিল ৬গৰাকীকৈ প্ৰাৰ্থীয়ে। এইবাৰৰ সাহিত্য সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিশিষ্ট সাহিত্যিক য়েচে দৰ্জে ঠংচিয়েও। অৰুণাচল নিৱাসী অসমীয়া সাহিত্যিকগৰাকীয়ে সভাপতি পদৰ প্ৰতিদ্বন্দ্বিতাত দ্বিতীয় সৰ্বাধিক ভোট লাভ কৰিছিল।
অসম সাহিত্য সভাৰ নতুন কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত সূৰ্যকান্ত হাজৰিকাই লখিমপুৰৰ নাৰায়ণপুৰত অহা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিব।
শনিবাৰে নলবাৰী জিলা পৃথিভঁৰালত হোৱা ভোট গণনাৰ অন্তত ৩৩৫টা ভোটত জয়লাভ কৰে হাজৰিকাই। তেওঁ ৮৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। সেইদৰে সভাপতি পদৰ প্রার্থী য়েছে দৰজে ঠংছি য়ে ২৫১ টা ভোট, জগদীশ পাটগিৰীয়ে ৩৭, নাহেন্দ্ৰ পাদুনে ৫৮, প্ৰহ্লাদ তাছাই ৫০ টা আৰু ৰোমান শৰ্মাই মাত্ৰ এটা ভোট লাভ কৰে।
সেইদৰে প্ৰধান সম্পাদক পদত ৩১৫ টা ভোট লাভ কৰি উপেন্দ্ৰজিত শৰ্মা নিৰ্বাচিত হয়। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বীক ১৮৬ টা ভোটত পৰাস্ত কৰে। এই পদৰ প্ৰাৰ্থী ক্ৰমে যাদৱ চন্দ্ৰ শৰ্মাই ৮৮টা,অনুপ বৰঠাকুৰে ৮২ টা, দেৱজিত বৰাই ১২৯টা আৰু ৰমানন্দন বৰাই ১১০টা ভোট লাভ কৰে। ইপিনে উপ-সভাপতি পদত নিৰ্বাচিত হয় গিৰিশ সন্দিকৈ। তেওঁ ২৮৪ টা ভোট লাভ কৰে। গিৰিশ সন্দিকৈয়ে ১৫১ টা ভোট ৰ ব্যৱধানত জয়ী হয়। আন প্ৰাৰ্থীসকল ক্ৰমে বসন্ত শৰ্মাই ৫৮ ভোট লাভ কৰে। সেইদৰে ধীৰেন শৰ্মাই ১৩৩ টা ভোট, পৱিত্ৰ বৰবৰা ই ৪৬ টা, গোবিন্দ তালুকদাৰে ৪৮ টা, গণেশ চন্দ্ৰ নাথে ৩০ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।