নিউজ ডেস্কঃ ক্ৰমান্বয়ে স্বাস্থ্য অধিক সংকটজনক হৈ পৰিছে তৰুণ গগৈৰ৷ দুপৰীয়াৰ পৰা অচেতন হৈ আছে তৰুণ গগৈ৷ কথা বতৰাত সঁহাৰি দিব পৰা নাই তৰুণ গগৈয়ে৷ ICUত ভেণ্টিলেশ্যনৰ সহায়ত ৰখা হৈছে তৰুণ গগৈক৷ বিশেষজ্ঞ চিকিৎসকৰ দলে পৰ্যবেক্ষণত ৰাখিছে তৰুণ গগৈক৷
পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ শুনিয়ে GMCHত উপস্থিত হৈছে গৌৰৱ গগৈ৷
চিকিৎসকৰ দলে দুৰ্বাৰ চেষ্টা চলাই আছে তৰুণ গগৈৰ চেতনা ঘূৰাই আনিবলৈ৷ তৰুণ গগৈৰ পৰিয়ালৰ সৈতে কথা পাতিছে চিকিৎসকে৷ AIIMSৰ চিকিৎসকৰ নিৰ্দেশমতে GMCHৰ চিকিৎসকে চলাই আছে চিকিৎসা