বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত ৰাজ্যৰ শিক্ষাখণ্ডৰ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মেলত ৰাজহুৱা কৰিছে সিদ্ধান্ত সমূহৰ মতে-
বৰ্তমানৰ পৰা বিদ্যালয়সমূহত ইংৰাজী ভাষা উন্নত কৰাৰ বাবে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী ভাষাত হ’ব সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত বিষয় দুটাৰ পাঠদান। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মাতৃভাষাৰ সমান্তৰালকৈ মাধ্যমিক বিদ্যালয়ত ইংৰাজী মাধ্যমতো পাঠদান কৰা হ’ব। মাধ্যমিক পৰ্যায়ত ৫+১ বিষয় থাকে। বৰ্তমান মাধ্যমিক শিক্ষাত অন্তৰ্ভুক্ত হৈ থকা সমাজ অধ্যয়ন বিষয়টো মাধ্যমিক শিক্ষাৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব। ইয়াৰ পৰিৱৰ্তে ভূগোল আৰু বুৰঞ্জী বিষয় দুটা সন্নিৱিষ্ট কৰা হ’ব।
প্ৰথম পাঁচটা বৰ্ষৰ পাঠদান মাতৃভাষাতে হ’ব যদিও প্ৰতিখন জিলাৰ নিৰ্বাচিত কিছু বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মাতৃভাষাৰ সমান্তৰালকৈ ইংৰাজী মাধ্যমতো শিক্ষা দিয়া হ’ব। অংগনৱাড়ীৰ দুটা শ্ৰেণী আৰু প্ৰাথমিক শ্ৰেণীত থকা ৩ টা শ্ৰেণী মাতৃভাষাত পাঠদান কৰা হ’ব।
তদুপৰি মাধ্যমিক পৰ্যায়ত থকা ছোৱালী বিদ্যালয় সমূহৰ ভিতৰত এতিয়াৰে পৰা ঐতিহ্যমণ্ডিত ছোৱালী বিদ্যালয়ৰ বাহিৰে কোনো সুকীয়াকৈ ছোৱালী বিদ্যালয় নাথাকিব। সকলোকে সহ-শিক্ষা বিদ্যালয় হিচাপে ধৰা হ’ব। ইয়াৰ উপৰিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৰেগুলেটৰী অথৰিটীক জনাব লাগে আৰু ইয়াত সকলো বিদ্যালয়ক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। অন্যথা ১০,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।