নিউজ ডেস্কঃ ৰিপুণ বৰাৰ সাহস আছে যদি গহপুৰৰ পৰা নিৰ্বাচন খেলিম বুলি ঘোষণা কৰক- তেজপুৰত ৰিপুণ বৰাক সাংসদ পল্লৱলোচন দাসে এইবুলি জনালে প্ৰত্যাহ্বান৷
মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে নে ৰিপুন বৰাৰ ? ৰিপুণ বৰাৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা এইবাৰ নিৰ্ধাৰণ কৰি দিছে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাসে।
একমাত্ৰ গহপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি ৰিপুণ বৰাই ঘোষণা কৰক। গহপুৰৰ পৰা বিধায়ক হৈ দেখুৱাওক ৰিপুণ বৰাই। তেতিয়াহে ৰিপুন বৰাৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বুলি মানি ল’ব পল্লৱ লোচন দাসে।
তেজপুৰত কৃষি আইন সম্পৰ্কে বুদ্ধিজীৱী সন্মিলনত অংশ গ্ৰহণ কৰি ৰিপুণ বৰাক মুখ্যমন্ত্ৰী হোৱাৰ চৰ্ত আৰোপ কৰি এই প্ৰত্যাহ্বান পল্লৱ লোচন দাসে লগতে কয় যে কৃষি আইনৰ বিৰুদ্ধে কংগ্ৰেছে কৰা প্ৰতিবাদত সুৰা বেপাৰীও আছে।
এই প্ৰতিবাদত কৃষকতকৈ বেলেগ মানুহ বেছি আছে। আনকি ৰাহুল গান্ধীয়েও নাজানে,ৰিপুন বৰাও নাজানে এই কৃষি আইনখন দৰাচলতে কি ?
তেজপুৰত এই বিস্ফোৰক অভিযোগ পল্লৱ লোচন দাসৰ। দাসে লগতে বিপিএফৰ লগত বৰ্তমান মিত্ৰতা অব্যাহত আছে বুলি ভৱিষ্যতে দলৰ নেতৃত্বহে মিত্ৰতাৰ প্ৰসংগটো নিৰ্ধাৰণ কৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।