ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এন এছ এছৰ পূৱ মণ্ডলৰ পৰা অহা ২০২৫ বৰ্ষত জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া গণৰাজ্য দিৱসৰ পেৰেড শিবিৰত অংশগ্ৰহণ কৰিব লগীয়া সেশ্বাসেৱক সকলৰ বাচনিৰ বাবে পূৱ মণ্ডলৰ শিবিৰটো কালিৰে পৰা দহদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছৰ গোটৰ উদ্যোগত বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হৈছে। অহা ১৬ নৱেম্বৰত সামৰণি পৰিবলগীয়া দহদিনীয়া শিবিৰত পূৱ মণ্ডলৰ অধীনৰ ৯ খন ৰাজ্য ক্ৰমে – অসম , মেঘালয় , নাগালেণ্ড, ত্ৰিপুৰা , অৰুণাচল প্ৰদেশ, মণিপুৰ, চিকিম , পশ্চিমবংগ আৰু উৰিষ্যাৰ প্ৰায় ২০০ জন সেশ্বাসেৱকে ভাগ লৈছে। ইয়াৰ ভিতৰত ৯ খন ৰাজ্যৰ পৰা অহা এন এছ এছৰ ১০ জন কাৰ্যসূচী বিষয়াও আছে। আনহাতে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত আনুষ্ঠানিকভাৱে শিবিৰৰ উদ্ধোধন কৰা হয়।
শিবিৰটো উদ্ধোধন কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন জেনেৰেল অফিচাৰ কমাণ্ডাৰ ইন চিফ, লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু এন এছ এছৰ কাৰ্যসূচী সমনয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক, ডঃ ননী গোপাল মহন্তই। বন্তি প্ৰজ্বলনৰে শিবিৰটো উদ্ধোধন কৰি এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ভাষণ প্ৰসংগত শিবিৰত ভাগ লোৱা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি বাচনি হোৱাৰ পাছত নতুন দিল্লীত অহা বৰ্ষত অনুষ্ঠিত হবলগীয়া গণৰাজ্য দিৱসৰ পেৰেড শিবিৰত ভাগ লৈ অসমসহ পূৱ মণ্ডললৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰে।
অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে ভাগ লৈ এন এছ এছৰ গুৱাহাটী কাৰ্যালয়ৰ ক্ষেত্ৰীয় সঞ্চালক জঙ্গি লঙে শিবিৰৰ মূল লক্ষ্যৰ ওপৰত আলোকপাত কৰে আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা সেচ্ছাসেৱক সকলক নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক , অধ্যাপক ডঃ উৎপল শৰ্মা , অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছৰ জে হিলালীয়ে ভাষণ প্ৰদান কৰে। সভাপতিৰ ভাষণত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা শিবিৰত ভাগ লোৱা সকলো সেচ্ছাসেৱক আৰু কাৰ্যসূচী বিষয়াক শুভেচ্ছা জ্ঞাপন কৰি নিদিষ্ট লক্ষ্যত যাতে উপনীত হব পাৰে তাৰ কামনা কৰে। শেষত সলগৰ শৰাই আগবঢ়াই এন এছ এছৰ গুৱাহাটী কাৰ্যালয়ৰ যুৱ বিষয়া নকুল দেউৰীয়ে। উল্লেখ্য যে শিবিৰত ভাগ লোৱা সকলো সেচ্ছাসেৱকে বিশ্ববিদ্যালয় খেলপথাৰত পেৰেড অনুশীলন আৰম্ভ কৰিছে। তেনেদৰে ফণীধৰ দত্ত সভাগৃহত সাংস্কৃতিক, যোগ, ব্যায়াম, আদিৰ অনুশীলন আৰম্ভ কৰিছে। ৫ নৱেম্বৰত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ সামৰণিৰ মাত্ৰ দুদিন পাছত আৰম্ভ হোৱা দহদিনীয়া পূৱ মণ্ডল এন এছ শিবিৰক লৈ বিশ্ববিদ্যাল়য় চৌহদত পুনৰ উখল – মাখল পৰিবেশৰ সৃষ্টি হৈছে।