গুৱাহাটীৰ আশে-পাশে এডোখৰ সুন্দৰ বনভোজৰ স্থান বিচাৰি আছে নেকি? যত আপুনি বন্ধু আৰু পৰিয়ালৰ সৈতে উপভোগ কৰিব পাৰিব। নতুন বছৰত বনভোজৰ পৰিকল্পনা কৰিব পৰা দহখন সুন্দৰ ঠাইৰ তালিকা দিয়া হৈছে।
তপোবন
গুৱাহাটীৰ পৰা মাত্ৰ ২৭ কিলোমিটাৰ দূৰত্বতে আছে তপোবন। গুৱাহাটীৰ পৰা তপোবন পাবলৈ সময় লাগে প্ৰায় ১ ঘন্টা ১০ মিনিট।
তেঘেৰীয়া
আন এডোখৰ সুন্দৰ বনভোজস্থলী হল তেঘেৰীয়া। গুৱাহাটীৰ পৰা মাত্ৰ ২৮ কিলোমিটাৰ দূৰত্বতে আছে তেঘেৰীয়া। গুৱাহাটীৰ পৰা তেঘেৰীয়া পাবলৈ সময় লাগে প্ৰায় ১ ঘন্টা ১৫ মিনিট।
ৰাণী
গুৱাহাটীৰ পৰা ২৮.৫ কিলোমিটাৰ দূৰত্বতে আছে ৰাণী। গুৱাহাটীৰ পৰা ৰাণীৰ যাত্ৰাত সময় লাগে ১ ঘন্টা ২০ মিনিট।
চনকা
৫৭.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত চনকা নামৰ মনোৰম ঠাইডোখৰ। গুৱাহাটীৰ পৰা চনকালৈ সময় লাগে প্ৰায় ১ ঘন্টা ৫০ মিনিট।
চানডুবি
চানডুবিলৈ গুৱাহাটীৰ পৰা দূৰত্ব ৬১.৫ কিলোমিটাৰ। সময় লাগে প্ৰায় ২ ঘন্টা।
তপাতলি
গুৱাহাটীৰ পৰা তপাতলিৰ দূৰত্ব প্ৰায় ৬২.৫ কিলোমিটাৰ। আৰু ইয়াৰ বাবে সময় লাগে প্ৰায় ২ ঘন্টা।
উকিয়াম
গুৱাহাটীৰ পৰা উকিয়ামৰ দূৰত্ব প্ৰায় ৭৫ কিলোমিটাৰ। উকিয়াম গৈ পাবৰ বাবে সময় লাগে প্ৰায় ২.৩০ ঘন্টা।
হাঁহিম
আন এডোখৰ সুন্দৰ বনভোজস্থলী হল হাঁহিম। গুৱাহাটীৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত্ব হয় হাঁহিম বনভোজস্থলীৰ।
বগামাটি
বগামাটি বৰ্তমান বনভোজ প্ৰেমীৰ বাবে আন এটি আকৰ্ষণীয় স্থান। গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব ৯২ কিলোমিটাৰ আৰু সময় লয় প্ৰায় ২.৩০ ঘন্টা।
হঁহুৱা
গুৱাহাটীৰ পৰা হঁহুৱাৰ দূৰত্ব প্ৰায় ৯৮ কিলোমিটাৰ। আৰু ইয়াৰ বাবে সময় লাগে প্ৰায় ২ ঘন্টা ৫০ মিনিট।