শুকুৰবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। থুয়াম্পুইৰ উত্তৰ-পূব অংশৰ বাৱংকাৱন আৰক্ষী থানা অঞ্চলৰ সংঘটিত হৈছিল ঘটনাটো। এটা অট্টালিকা, য’ত এটা সাতজনীয়া পৰিয়ালে বাস কৰিছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, “মিজোৰামৰ আইজলৰ এটা অট্টালিকাত ভয়ংকৰ ভূমিস্খলনৰ ফলত চাৰিটা শিশু নিহত হোৱাৰ লগতে আন দুজন আহত হৈছে।”
ঘটনাটোৰ সময়ত পৰিয়ালৰ সাতজন সদস্যৰ ভিতৰত ছয়জন ঘৰত উপস্থিত আছিল।
৩ বছৰৰ পৰা ১৬ বছৰ বয়সৰ চাৰিটা শিশুৰ ঘটনাস্থলীতে মৃত্যু হয়। আন এজন সদস্যক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উদ্ধাৰ হোৱা অন্তিমটো মৃতদেহ আছিল এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ।
তলত থিয় হৈ থকা আন এটা অট্টালিকাৰ তিনিজন লোক ভূমিস্খলনৰ প্ৰচণ্ড শব্দ শুনি পলাই যাবলৈ সক্ষম হৈছিল।