গুৱাহাটী মহানগৰৰ পশ্চিম প্রান্তৰ ধাৰাপুৰস্থিত অগ্ৰণী সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান “অন্বেষ গোষ্ঠী”ৰ ৮৮ সংখ্যক মাহিলি বৈঠকখন ২ অক্টোবৰত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিধ্যালয় প্রাংগনত অনুষ্ঠিত হয় । বৈঠকখনত সভাপতিত্ব কৰে স্থায়ী সভাপতি ড০ দিলীপ কুমাৰ কলিতাই আৰু উদ্দেশ্য বাখ্যা কৰে সম্পাদক পৰিক্ষীত হালৈয়ে। বৈঠকত বিগত ৮৭ সংখ্যক বৈঠকৰ চমু কাৰ্যবিৱৰণী পাঠ কৰে সহঃ সম্পাদক অতুল কলিতাই। গোষ্ঠীৰ মহিলা সদস্যা সকলে পৰিবেশন কৰা “অন্বেষ সংগীত”ৰে শুভাৰম্ভ হোৱা বৈঠকখনৰ আঁত ধৰে কাৰ্য্যলয় সম্পাদক বিতোপন শর্মাই। বৈঠকত অন্বেষ গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত তিনিমহীয়া আলোচনী “সৃষ্টিৰ অন্বেষ”ৰ পঞ্চম বছৰৰ চতুৰ্থ সংখ্যা ( অক্টোবৰ-ডিচেম্বৰ ) উৰুলি – মঙ্গল ধ্বনিৰ মাজেৰে উন্মোচন কৰা হয়। বৈঠকত কেইবাজনো সদস্য-সদস্যাই স্বৰচিত গ্রন্থ অন্বেষ গোষ্ঠীৰ পুথিভঁৰাললৈ দান হিচাপে আগবঢ়ায়।
বৈঠকত ড০ প্রদীপ কলিতা, ডাঃ দিগন্ত দাস, ডাঃ আয়ুপি বৰগোহাঁই, ড০ দুর্গাচৰণ কলিতা, নিজৰা বৰুৱা কলিতা, সবিতা দেৱী বৰুৱা, দিপেন কাকতি, মনোমতী অধিকাৰী, উৎপল শর্মা, ফুলমতী বৈশ্য, ৰিজুমণি বৰা, লিপিকা কলিতা চৌধুৰী, ভৈৰৱ পাচনি, লক্ষন পাঠক, ধীৰেশ্বৰ দাস, সংগীতা মহন্ত, সোমা দাস, পলবীকা মহন্ত, মহেশ্বৰ লহকৰ, বদন ৰঞ্জন কলিতা, ড০ মঞ্জুলা হুছেইন, গিৰীন্দ্ৰ কাকতি, পদ্মা বৰা দাস, গজেন দাস, মামণি হাজৰিকা, হিমালী কলিতা, প্রতিভা ঠাকুৰীয়া, নিটুল কৃষ্ণ গোস্বামী, কনমাণি কৃধানী কাশ্যপ, শিশু শিল্পী নির্ভিকৃষ্ণা গোস্বামীয়ে গীত-মাত, স্বৰচিত কবিতা, প্রবন্ধ-গল্প পাঠ কৰি উপস্থিত সকলোকে আপ্লুত কৰে। বৈঠকত অতুল মেধিয়ে ভায়োলিন বাদন আৰু নিজৰা বৰুৱা কলিতাই সংগীত আলখ্য পৰিবেশন কৰে । জাতীয় সংগীত পৰিবেশনৰে বৈঠকৰ সামৰণি পৰে।