অসম আৰক্ষীয়ে ইতিমধ্যেই লাভ কৰিছে প্ৰেছিডেন্টেছ কালাৰ্ছ এৱাৰ্ড। মুখ্যমন্ত্ৰীৰ মতে সাম্প্ৰতিক সময়েই অসম আৰক্ষীৰ বাবে সোণালী সময়। অসম আৰক্ষীৰ সোণালী সময় চলি থকা বুলি দাবী কৰাৰ পাছতো নীৰৱে অসম এৰিছে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াই। এজনৰ পাছত আনজন বিষয়াই এৰিছে অসম আৰক্ষী।
বিগত ২৬ মাহত অসম-মেঘালয় কেডাৰৰ ১৯ জন ভাৰতীয় আৰক্ষী সেৱা বিষয়াই অসম এৰি ৰাওনা হৈছে কেন্দ্ৰীয় ডিপুটেচনলৈ। সেই অনুসৰি ২০২১ চনৰ মে’ মাহৰ পৰা বৰ্তমানলৈকে বিগত ২৬ মাহত অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান পৰ্যায়ৰ বিষয়াৰ পৰা আৰক্ষী অধীক্ষক পর্যায়লৈকে সৰ্বমুঠ ১৯ জন IPS বিষয়াই স্বেচ্ছাই অসম এৰি কেন্দ্ৰীয় ডেপুটেচনলৈ যায়। ইয়াৰ উপৰি আন তিনিজন জ্যেষ্ঠ IPS বিষয়াই অসম আৰক্ষীৰ খাকী পোছাক এৰি যোগদান কৰিছে ৰাজ্য চৰকাৰৰে অসামৰিক পদত।
কিন্তু কিয় এই সকল IPS বিষয়াই এৰিছে অসম এই সন্দৰ্ভত নিমাতসকলো। জানিব পৰা মতে বর্তমান অসম আৰক্ষীৰ বিভিন্ন গুৰুত্বপূর্ণ পদত কাৰ্যনিৰ্বাহ কৰি থকা অতিকমেও পাঁচজন IPS বিষয়াই কেন্দ্রীয় ডেপুটেচনলৈ যোৱাৰ বাবে চেষ্টা চলাই আছে।