সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে যোৱা বছৰৰ পহিলা ডিচেম্বৰৰ পৰা যোৱা ৩০ নৱেম্বৰলৈ এটা বছৰত ভাৰতৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত সীমান্তত ২৪,০৬০ টা গৰু জব্দ কৰিবলৈ সক্ষম হৈছে । একে সময়চোৱাত বুজন পৰিমাণৰ ফেন্সিডাইলকে ধৰি নিচাযুক্ত টেবলেট , গাঁজা , ওপিয়াম , যাঁবা টেবলেট , গৰ্ভ নিৰোধক সুখী টেবলেট , আদি জব্দ কৰিবলৈ সক্ষম হৈছে । আনহাতে একে সময়চোৱাত বি এছ এফে বাংলাদেশলৈ গৰুকে ধৰি চোৰাং সামগ্ৰী সৰবৰাহ কৰা অৱস্থাত বাংলাদেশ সীমান্তত ২৭৭ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই মন্তব্য বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক (আই জি) ৰাজেশ কুমাৰৰ । পহিলা ডিচেম্বৰত বি এছ এফৰ ৫৬ সংখ্যক প্ৰতিস্থাপন দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত আয়োজিত বাৰ্ষিক সংবাদ মেলত এই মন্তব্য আগবঢ়ায় আই জি ৰাজেশ কুমাৰে । আই জি ৰাজেশ কুমাৰে কয় গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলা , পশ্চিমবংগৰ কোঁচবিহাৰ জিলাত তিনিটা চেক্টৰৰ জৰিয়তে মুঠ ১১ টা বেটেলিয়ান বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কাৰ্যত নিয়োজিত হৈ আছে । বানপানী , খহনীয়াকে ধৰি বহু ভৌগোলিক জটিলতা নেওচিও বি এছ এফৰ জোৱান সকলে দিনে নিশাই সীমান্তত পহৰা কাৰ্যত নিয়োজিত হৈ আছে । ইফালে বি এছ এফে গ্ৰেপ্তাৰ কৰা ২৭৭ জন অপৰাধীৰ ভিতৰত ৩২ জন বাংলাদেশী আৰু ২৪৫ জন ভাৰতীয় । তেনেদৰে জব্দ কৰা সামগ্ৰী সমূহৰ মূল্য প্ৰায় ২২ কৌটি টকা হব । বি এছ এফে সীমান্তত পহৰা কাৰ্যত নিয়োজিত হৈ থকাৰ সমান্তৰালভাৱে সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশহিচাপে স্বাস্থ্য পৰীক্ষা শিবিৰ , গছপুলি ৰোপন অভিযান , স্বচ্ছ ভাৰত অভিযানৰ উপৰিও বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে বুলি আই জি ৰাজেশ কুমাৰে সদৰি কৰে । সংবাদ মেলত বি এছ এফৰ কেবাজনো বিষয়া উপস্থিত থাকে ।