• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰ বৈচিত্র্যময় কলা-কৃষ্টিৰ প্ৰসাৰৰ কামত নিয়োজিত হ’বলৈ কলাক্ষেত্র সমাজক আহ্বান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 12, 2022
in অসম, ৰাজনীতি, সংস্কৃতি
1 min read
0
অসমৰ বৈচিত্র্যময় কলা-কৃষ্টিৰ প্ৰসাৰৰ কামত নিয়োজিত হ’বলৈ কলাক্ষেত্র সমাজক আহ্বান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
Share on FacebookShare on Twitter

‘অসমৰ কলা-সংস্কৃতি আজি ধাৰাবাহিক আৰু পৰিকল্পিত আক্ৰমণৰ সন্মুখীন হৈছে। পাঁচ হাজাৰ বছৰীয়া সনাতন সংস্কৃতিৰ গৰ্ভত সৃষ্ট আৰু পুৰাতন জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ দ্বাৰা লালিত-পালিত হৈ সংবৰ্দ্ধিত হোৱা বৃহত্তৰ অসমীয়া সংস্কৃতিৰ বৰগছ জোপাত আজি অশুভ সংস্কৃতিৰ পৰিকল্পিত আক্রমণ আমি দেখিবলৈ পাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পৰিবৰ্দ্ধিত কৰি থৈ যোৱা অসমীয়া সংস্কৃতিৰ লাইখুটা সত্ৰসমূহ আজি বিদেশী সংস্কৃতিৰ স্বার্থান্বেষী একাংশ লোকৰ নিৰবচ্ছিন্ন আক্রমণৰ বলি হৈছে। অসমীয়াৰ বাপতি সাহোন বিহুকো আজি সেই বিশেষ চক্ৰটোৱে বিকৃত ৰূপত উপস্থাপন কৰি সাংস্কৃতিক আক্রমণ অব্যাহত ৰাখিছে। এই দিশত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক গধুৰ দায়িত্ব আছে। অসমৰ জাতি-জনগোষ্ঠীৰ মাজত থকা বৈচিত্র্যময় কলা-কৃষ্টিৰ প্রকৃত বাস্তৱ ৰূপ দাঙি ধৰি কলাক্ষেত্র সমাজে সমগ্র অসমবাসী জনগণৰ মাজত সংস্কৃতি প্ৰসাৰৰ কামত নিজকে নিয়োজিত কৰক। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বর্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ প্ৰতি এই আহ্বান জনায়।

মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিশ্বৰ বহু প্রাচীন সংস্কৃতি আন বহিঃসংস্কৃতিৰ ক্রমাগত আক্রমণত নিশ্চিহ্ন হৈ যোৱাৰ অলেখ উদাহৰণ আছে। ইউৰোপীয় উপনিবেশ প্রতিষ্ঠা হোৱাৰ বহু পূর্বে কেৰিবিয়ান দ্বীপপুঞ্জ, আমেৰিকা, আফ্রিকা, অষ্ট্ৰেলিয়া আদি দেশ তথা মহাদেশসমূহত স্থানীয় বিশ্বাস-সংস্কৃতি আৰু ধর্মই বিৰাজ কৰিছিল। আজি সেই সংস্কৃতিসহ বিস্মৃতিৰ অটল গহ্বৰত লীন হৈ গ’ল। ইউৰোপীয় সংস্কৃতিয়ে সেই থলুৱা সংস্কৃতিসমূহক সম্পূর্ণৰূপে গ্রাস কৰি নিজস্ব সংস্কৃতি প্রতিষ্ঠা কৰিছে। যি ঔপনিবেশিক শক্তিসমূহে এই মহাদেশসমূহৰ মহৎ ধর্ম আৰু সাংস্কৃতিক বিশ্বাসসমূহ সম্পূর্ণৰূপে বিনাশ কৰিলে বা সেইবোৰক সংখ্যালঘৃত পৰিণত কৰিলে সেই একেই ঔপনিবেশিক শক্তিসমূহে কিন্তু ভাৰতৰ স্থানীয় অধিবাসীসকলৰ প্রাচীন বিশ্বাস আৰু পৰম্পৰাসমূহ ধ্বংস কৰাত সফল নহ’ল বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে ভাৰতীয় সনাতন সভ্যতাত নিহিত শক্তিৰ বাবেই এই সভ্যতা ইউৰোপীয় শক্তিৰ সন্মুখত অপৰাজেয় হৈ থাকি গ’ল।

Attended the auspicious 10th foundation day of Sri Shirdi Sai Baba Mandir at VIP Road, Guwahati.

Happy to meet Dr Chandra Bhanu Satpathy, President of Shirdhi Sai Global Foundation at the function held at Srimanta Sankardev Kalakshetra. pic.twitter.com/iOrBjthOOT

— Himanta Biswa Sarma (@himantabiswa) November 11, 2022

সংস্কৃতিক এক গতিশীল সমাজ জীৱনৰ আধাৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে সংস্কৃতিয়ে একোটা জাতিৰ স্বকীয় পৰিচয় গঢ় দিয়ে। সেয়েহে প্ৰতিগৰাকী ব্যক্তি নিজৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সুপৰিচিত হোৱাটো জৰুৰী। কোনো এটা অঞ্চলৰ সাংস্কৃতিক উপাদানসমূহৰ অধ্যয়নে অঞ্চলটোৰ পৰম্পৰাগত জ্ঞান, চিন্তাধাৰা আৰু মূল্যবোধৰ সম্পৰ্কে স্পষ্ট আভাস দিয়ে। নৃগোষ্ঠীয়, জনজাতীয় পৰম্পৰাগত ৰীতি- নীতি আৰু অন্যান্য সম্প্ৰদায়ৰ মাজতেই অসমৰ বিচিত্ৰতা আৰু স্পন্দনশীলতা নিহিত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী শর্মাই কয় যে জনজাতীয় লোকসকলৰ থলুৱা বিশ্বাস আৰু সংস্কৃতিৰ গভীৰ অধ্যয়ণ আৰু গবেষণাৰ জৰিয়তে ইয়াৰ সংৰক্ষণৰ দিশত শক্তিশালী পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ গঠন কৰিছে।

অসমৰ স্বকীয় কলা-সংস্কৃতিৰ সুৰক্ষা আৰু প্ৰচাৰ তথা প্ৰসাৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দায়িত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই বিভিন্ন জনগোষ্ঠীৰ লোক সংস্কৃতি, লোকনৃত্য, লোক-বাদ্য, সামাজিক পৰম্পৰা আৰু ৰীতি-নীতিৰ আৰ্হিৰে জনমানসত প্রভাব বিস্তাৰ কৰিব পৰা ধৰণৰ কাৰ্যসূচী বেছিকৈ গ্ৰহণ কৰিবলৈ কলাক্ষেত্ৰ সমাজক আহ্বান জনায়। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিশ্ববাসীৰ সন্মুখত অসমৰ অন্যতম গৌৰৱৰ স্থলী হিচাপে কলাক্ষেত্রক লালন-পালন কৰাৰ এটা মন লৈ ইয়াৰ সৈতে জড়িত সকলো পক্ষই আত্মনিয়োগ কৰিবলৈ সংকল্প ল’ব লাগিব।
শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠাৰ পৰা উত্তৰ যাত্রাৰ আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহু জনৰ ত্যাগ, কষ্ট, পৰিশ্ৰম আৰু পৰিকল্পনাৰ ফচল হৈছে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র।

অসম চুক্তিৰ ছয় নং দফাৰ আলমতে পৰৱৰ্তী সময়ত এই কলাক্ষেত্ৰ গঢ় লৈ উঠিছিল বুলি উল্লেখ কৰি তেওঁ অসম আন্দোলনৰ অমৰ শহীদসকলৰ লগতে এই প্ৰকল্পৰ বিষয়ে প্রথমে প্রস্তাৱ আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, চলচ্চিত্র নির্মাতা ড° ভবেন্দ্র নাথ শ‍ইকীয়া প্ৰমুখ্যে যিসকল ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত
কলাক্ষেত্ৰই আজিৰ ৰূপ লাভ কৰিছে তেখেতসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰে। তেওঁ কয় যে বিগত বছৰবোৰত ৰাজ্যৰ বাৰেৰহনীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রই
বহু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। সময়ে সময়ে বিভিন্ন জনগোষ্ঠীয় সমাৰোহৰ আয়োজনেৰে অঞ্চলটোৰ কৃষ্টি-সংস্কৃতিৰ সৈতে স্থানীয় জনসাধাৰণৰ লগতে দেশী-বিদেশী পর্যটকসকলক পৰিচিত কৰাত কলাক্ষেত্রই প্রশংসনীয় ভূমিকা ল’বলৈ সক্ষম হৈছে বুলিও তেওঁ কয়।

আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ কৃষি তথা অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা, সাংস্কৃতিক মন্ত্রী বিমল বৰা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি জিতুল সোণোৱাল, শ্রীমন্ত শংকৰদের কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, সাংস্কৃতিক বিভাগৰ সচিব লায়া মাদ্দুৰী, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্রবর্তী, সংগীত নাটক একাডেমী বঁটা প্ৰাপক যশস্বী নৃত্যশিল্পী যতীন গোস্বামী আৰু বিশিষ্ট চিত্রশিল্পী ননী বৰপূজাৰী প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Previous Post

চানফিষ্ট কাপ ২০২২ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত বাইচুং ভূটিয়াৰ অংশগ্ৰহণ

Next Post

আজি হিমাচল প্রদেশ বিধানসভাৰ নিৰ্বাচন

Related Posts

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
আজি লাচিত দিৱস
সংবাদ

আজি লাচিত দিৱস

November 24, 2023
Viksit Bharat Sankalp Yatra reaches Darrang District of Assam
News

Viksit Bharat Sankalp Yatra reaches Darrang District of Assam

November 23, 2023
GMC ৰ বোকা নিষ্কাশন কেলেংকাৰীৰ অভিযুক্ত ঠিকাদাৰ মিঠু আগৰৱালাক গ্ৰেপ্তাৰ
ক্ৰাইম

কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

November 23, 2023
Next Post
৩১মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন

আজি হিমাচল প্রদেশ বিধানসভাৰ নিৰ্বাচন

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰশিল্পী পুলক গগৈৰ দেহাৱসান

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰশিল্পী পুলক গগৈৰ দেহাৱসান

গুৱাহাটীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল ছায়েঞ্চ (AIIMS)ত আৰম্ভ হ’ল টেলিমেডিচিন সেৱা

গুৱাহাটীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল ছায়েঞ্চ (AIIMS)ত আৰম্ভ হ’ল টেলিমেডিচিন সেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8