নিউজ ডেস্কঃ কৃষি আইনৰ বিৰোধিতা কৰি কৃষক সকলে আহ্বান কৰা ভাৰত বন্ধৰ প্ৰভাৱ আজি সমগ্ৰ দেশতে পৰিছে।কংগ্ৰেছ, টিআৰএছ, দ্ৰমুক, শিৱসেনা, সমাজবাদী পাৰ্টী, আপ সহ অন্য পাৰ্টিয়ে কেন্দ্ৰ চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনে দিয়া ভাৰত বন্ধলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।
কৃষকে দিয়া ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে অসমত।যান-বাহনৰ চলাচল কিছু সেৰেঙা দেখা গৈছে।প্ৰায়বোৰ দোকান-পোহাৰো বন্ধ কৰি ৰখা পৰিলক্ষিত হৈছে।অসম ৰাজ্যিক কৃষক সভাই সদৰি কৰা মতে অসমত পুৱা ৫ বজাৰ পৰা ৩ বজালৈ এই বন্ধ বাহাল থাকিব।