অৱশেষত পৰীক্ষামূলকভাৱে চলোৱা হ’ল অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰে’ল ইঞ্জিন ৷
বৃহস্পতিবাৰে বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা সৰুপেটা ৰে’ল ষ্টেচনলৈ পৰীক্ষামূলকভাৱে চলোৱা হয় এই বিদ্যুৎ চালিত ৰে’ল ইঞ্জিন ৷
উত্তৰ-পূব সীমান্ত ৰে’লৱে বিকাশ নিগম লিমিটেডৰ মুখ্য প্ৰকল্প প্ৰৱন্ধক গৌতম ৰায়ে শুভাৰম্ভ কৰে এই যাত্ৰা ৷
শুকুৰবাৰে একেটা ৰে’ল ইঞ্জিন বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ পুনৰ পৰীক্ষামূলকভাৱে চলোৱা হয় ৷
২০ ফেব্ৰুৱাৰীত বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত পৰীক্ষামূলকভাৱে চলোৱা হব এই বিদ্যুৎ চালিত ৰে’ল ইঞ্জিনটো ৷
২৬ ফেব্ৰুৱাৰীত ৰেলৱে চেফটি কমিচনৰ তত্বাৱধানত ডবা সংযোগ কৰি বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা গুৱাহাটীলৈ চলোৱা হ’ব বিদ্যুৎ চালিত এখন ৰে’ল ৷
এই পৰীক্ষামূলক যাত্ৰাত সফল হ’লে মাৰ্চ মাহৰ পৰা বিদ্যুৎ সংযোগেৰে যাত্ৰীবাহী ৰে’ল চলাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে দায়িত্ববাহী ‘বিকাশ ইলেকট্ৰিক’ৰ স্বত্বাধিকাৰী উমেশ সৰকাৰে ৷
বৃহস্পতিবাৰে এই পৰীক্ষামূলক যাত্ৰা আৰম্ভ হয় ল’কো পাইলট মেঘনাথ ব্ৰহ্মৰ নেতৃত্বত ৷
লগত উপস্থিত থাকে সহকাৰী পাইলট শুভ্ৰদ্বীপ পাল ৷
উল্লেখ্য, ২০১৬ চনতেই অসমত প্ৰথম বিদ্যুৎ চালিত ৰে’ল চলাচলৰ বাবে ৰে’ল পথত বিদ্যুতৰ লাইনৰ কাম আৰম্ভ হৈছিল ৷
photo: google