মানুহৰ জীৱনত স্বাস্থ্য আৰু ফিটনেছৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ বিবেচনা কৰি ২০২৪ চনৰ ৩১ আগষ্টত গুৱাহাটীত মুকলি কৰা হ’ল ‘দ্য ফিটনেছ ফৰ্মুলা’ৰ প্ৰথমটো ফিটনেছ কেন্দ্ৰ। মহানগৰীৰ গীতানগৰৰ বি এছ এফ কেম্পৰ সমীপৰ গৃহ নং ২৭১ত এই ফিটনেছ কেন্দ্ৰটো মুকলি কৰা হয়। ৩২০০ বৰ্গফুট এলেকাত বিস্তৃত এই জিমটোত সকলো প্ৰয়োজনীয় সা-সুবিধাৰ সু-ব্যৱস্থাপনাৰ লগতে ইয়াত বিশ্বমানৰ ফিটনেছ আৰু জীৱনশৈলীৰ সৈতে জড়িত সেৱাসমূহো উপলব্ধ কৰা হৈছে। ব্যক্তিৰ সামগ্ৰিক সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই কেন্দ্ৰটোৱে শাৰীৰিক সুস্বাস্থ্যৰ সমান্তৰালকৈ পূৰ্ণ স্বাস্থ্য তথা পুষ্টিমূলক সমাধানো আগবঢ়ায়।
উল্লেখ্য যে, এই এই ফিটনেছ কেন্দ্ৰটো স্থাপন কৰা ব্যক্তিসকলৰ ভিতৰত আছে পুণজিৎ দাস, ৰোহিত ৰাউথ, আৰু পূজা শৰ্মা। ‘অসমৰ ৰিপুণ’ নামৰ এটা জনপ্ৰিয় ইউটিউব চেনেল চলাই থকা ৰিপুণজিৎ দাস হৈছে কম্পিউটাৰ বিজ্ঞানত স্নাতক আৰু এম বি এ ডিগ্ৰীধাৰী।
আনহাতে, নেশ্যনেল একাডেমী অৱ স্প’ৰ্টছ এণ্ড মেডিচিনে প্ৰদান কৰা ‘শ্বেৰু ক্লাছিক’ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হোৱা ৰোহিত ৰাউথৰ ফিটনেছ উদ্যোগত আছে ষোল্ল বছৰীয়া অনন্য অভিজ্ঞতা। ফিটনেছ উদ্যোগৰ সৈতে জড়িত থাকি তেওঁ ইতিমধ্যে অসংখ্য পদক লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, ছমহীয়া গৰ্ভাৱস্থাতে প্ৰসিদ্ধ কেদাৰনাথ আৰোহণ কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল পূজা শৰ্মাই। ইয়াৰ বাবে তেওঁ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছতো নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে। কম্পিউটাৰ এপ্লিকেচন আৰু বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা পূজা শৰ্মাৰো ফিটনেছ উদ্যোগত আছে কেইবাবছৰীয়া অভিজ্ঞতা।
এই অত্যাধুনিক জিমটোত প্ৰশিক্ষক হিচাপে আছে মেঘালয়ৰ ২৩ বছৰীয়া অশিত বৰুৱা। প্ৰণিধানযোগ্য যে, অশিত বৰুৱাই শেহতীয়াকৈ ৭০ কেজি+ ওজন শাখাত জুনিয়ৰ পুৰুষ বডি বিল্ডিং বিভাগত আন্তঃৰাষ্ট্ৰীয় ফিটনেছ এণ্ড বডি বিল্ডিং ফেডাৰেচনে প্ৰদান কৰা ‘মিষ্টাৰ ইউনিভাৰ্ছ ২০২৪’ খিতাপ দখল কৰিছে। মুম্বাইত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন দেশৰ প্ৰায় ১০০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। অশিতক প্ৰশিক্ষণ প্ৰদান কৰিছিল তেওঁৰ পিতৃ আৰু ৰোহিত ৰাউথে। বৰ্তমান তেওঁ ‘দ্য ফিট ফৰ্মুলা’ জিমত ব্যক্তিগত প্ৰশিক্ষক হিচাপে নিযুক্ত হৈ আছে।
দ্য ফিট ফৰ্মুলাৰ উদ্বোধনী অনুষ্ঠানত ফিটনেছ কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপকসকলে কয়, “আমাৰ সেৱাসমূহৰ ভিতৰত ব্যক্তিগত লক্ষ্য অনুসৰি বিশেষ খাদ্যৰ বিকল্প অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে গ্ৰাহকৰ ওজন হ্ৰাস বা বৃদ্ধিৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। লগতে, যিসকলে পিঠিৰ সমস্যা, ডায়েবেটিছ, হাৰ্নিয়া আদি ৰোগত ভুগি আছে, তেওঁলোকেও আমাৰ কাৰ্যসূচীত যোগদান কৰিব পাৰে। ইয়াত আমি তেওঁলোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা ব্যায়ামৰ ৰুটিন প্ৰদান কৰিম।”
স্বাস্থ্যই পৰম ধন- এই নীতিৰ ওপৰত বিশ্বাসী দ্য ফিট ফৰ্মুলাই সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ বাবে নিজৰ সমৰ্পণ ব্যক্ত কৰি আহিছে। গীতানগৰ, জু-নাৰেঙ্গী ৰোডৰ গৃহ নং ২৭১ত অৱস্থিত দ্য ফিট ফৰ্মুলা (টি এফ এফ) জিমৰ বিষয়ে অধিক তথ্য লাভ কৰিবলৈ অনুগ্ৰহ কৰি তেওঁলোকৰ ইনষ্টাগ্ৰাম প্ৰফাইল https://www.instagram.com/tff_gym?igsh=NWpwbHoycXRvcmhw চাওক বা ৭০৯৯০৭০১১১ নম্বৰত ফোন কৰক।