অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ২০১১ চনৰ পৰা প্ৰতি তিনিবছৰৰ মূৰে মূৰে চুকাফা বঁটা প্ৰদান কৰি আহিছে। ২০২০ বৰ্ষৰ বাবে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক ‘চুকাফা বঁটা’ৰ বাবে মনোনীত কৰা হৈছে। ২ ডিচেম্বৰত ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ অনুষ্ঠানতে বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত আছে নগদ তিনি লাখ টকাৰ লগতে এখনি অংগবস্ত্ৰ আৰু প্ৰশস্তি পত্ৰ ৷ ২০২০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা বিশিষ্ট সাহিত্যিক গৰাকীয়ে ২০০৫ চনত “মৌন ওঠ মুখৰ হৃদয়” উপন্যাখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ৷ “মৌন ওঠ মুখৰ হৃদয়” উপন্যাখন ইতিমধ্যে ইংৰাজী , বাংলা, হিন্দী , বড়ো আৰু নেপালী ভাষা লৈ অনুবাদ হৈছে ৷