দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ থকা বিশিষ্ট কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাৰ চিকিৎসাৰ ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে। এই কথা সদৰি কৰে মন্ত্ৰী বিমল বৰাই। উল্লেখ্য যে, ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা কণ্ঠশিল্পীগৰাকী বৰ্তমানলৈকে অচেতন হৈয়ে আছে।
আনহাতে জিএমচিএিচত চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ট শৰ্মাৰ সমগ্ৰ চিকিৎসা ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে। সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা মন্ত্ৰী বিমল বৰাই এই কথা জানিবলৈ দিয়ে। আনহাতে বৰ্তমান জিএমচিএইচত চিকিৎসাধীন বুঢ়া সত্ৰাধিকাৰ গৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।