প্রচণ্ড শীতে কঁপাইছে ৰাজ্য৷ নিম্নগামী হৈছে পাৰাস্তম্ভ৷ নেৰানেপেৰা বৰষুণে ব্যতিব্যস্ত কৰিছে স্বাভাৱিক জীৱনযাত্রা৷ আগন্তুক ৮ ফেব্রুৱাৰীলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ৷ এই আগজাননী প্রকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷ বতৰ বিজ্ঞান কেন্দ্রটোৰ তথ্য অনুসৰি কাইলৈ অসমৰ ভিন্ন প্রান্তত বিজুলী–ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷
আনহাতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত হয় শিল, ধুমুহা আৰু বৰষুণ। বিভিন্ন প্ৰান্তত ধুমুহাই তাণ্ডৱ চলাইছে। বিভিন্ন ঠাইত গছ উঘালি পৰাৰ লগতে বিদ্যুত সংযোগ ব্যাহত হৈ পৰিছে।
তদুপৰি ৬,৭ আৰু ৮ ফেব্রুৱাৰীতো পাতলীয়া বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্রই৷ বিগত কিছুদিন ধৰি বিশেষকৈ মাঘ বিহুৰ পাছৰে পৰা ৰাজ্যত হ্রাস পাইছে তাপমাত্রা৷
স্বাভাৱিক তাপমাত্রাতকৈ ৪–৫ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমাত্রা ৰাজ্যত হ্রাস পাব বুলি আগজাননী প্রকাশ কৰিছে ৰাজ্যৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷ অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহতো এই একেই সময়ছোৱাত বিজুলী–ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে৷ অৰুণাচল প্রদেশৰ ওখ অঞ্চলসমূহত কাইলৈ বৰফ পৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রটোৱে৷ পশ্চিমীয়া বতাহৰ বাবে সাগৰীয় উপকূলত সৃষ্টি হোৱা ঘূর্ণিৰ বাবেই ৰাজ্যত বৰষুণ হোৱা বুলিও সদৰী কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই৷
উল্লেখ্য যে স্বাভাৱিকতে নৱেম্বৰ–ডিচেম্বৰ মাহত ৰাজ্যত যথেষ্ট শীত অনুভূত হয়৷ এইবাৰ মাঘ বিহুৰ পূর্বে ৰাজ্যত শীত পূর্বৰ দৰে অনুভূত হোৱা নাছিল৷ কিন্তু বিহুৰ পাছৰ পৰা তাপমাত্রা হ্রাসে পলমকৈ হ’লেও শীতৰ প্রকোপে কঁপাই গৈছে ৰাজ্য৷ সমান্তৰালভাৱে বতৰ বিজ্ঞান কেন্দ্রৰ আগজাননীয়ে নিশ্চিত কৰিছে যে আগন্তুক এসপ্তাহলৈও ৰাজ্যত হ্রাস পাব তাপমাত্রা৷