যিকোনো মূহুৰ্ততে বন্ধ হব পাৰে অসম ৰাজ্যিক চিৰিয়াখানাত জীৱ – জন্তুৰ খাদ্যৰ যোগান ব্যৱস্থা। কিয়নো যোগনিয়াৰক প্ৰায় ছয়মাহ ধৰি তেওঁলোকৰ প্ৰাপ্য ৰেচন যোগানৰ ধন আদায় দিব পৰা নাই চিৰিয়াখানা কতৃপক্ষই। ইফালে প্ৰাপ্য ধন আদায় নোপোৱাত ভুক্তভোগী যোগানিয়াৰ সকলে ২৫ ছেপ্টেম্বৰতে অসম ৰাজ্যিক চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কিন্তু তাৰ পাছতো প্ৰায় ছয়মাহ ধৰি ধন লাভ নকৰাত তেওঁলোক বহু অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। আনকি ২৫ ছেপ্টেম্বৰত প্ৰদান কৰা স্মাৰক পত্ৰখনত ভুক্তভোগী যোগনিয়াৰ সকলে সদৰি কৰা অনুসৰি তেওঁলোকে যোৱা মে’ মাহৰ পৰা আজিলৈকে প্রায় পাঁচ মাহৰ বিলৰ ধন অনাদায় হৈ আছে। চুক্তিপত্র অনুসৰি প্রতি মাহে বিলৰ ধন আদায় দিব লাগে।
যোৱা ১৮ ছেপ্টেম্বৰত এই সন্দৰ্ভত লিখিতভাবে জনোৱাৰ পিছতো পাবলগীয়া ধন আদায় নিদিয়াৰ কাৰণে বহুতো অসুবিধাৰ সন্মুখীন হোৱা বুলি ভুক্তভোগী যোগনিয়াৰ সকলে ব্যক্ত কৰি পাবলগীয়া বিলৰ ধন অতি সোনকালে আদায় দিবলৈ অনুৰোধ জনাইছে। অন্যথাই পাবলগীয়া ধনৰ অভাৱত নিয়মীয়া যোগান বন্ধ হ’ব পাৰে বুলিও স্মাৰক পত্ৰখনত তেঁওলোকে সকীয়াই দিছে।। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ আৰ্থিক অনাটন নে আন কিবা কাৰণত যোগনিয়াৰক প্ৰাপ্য ধন আদায় দিব পৰা নাই তাক চিৰিয়াখানা কৰ্তৃপক্ষই ঊল্লেখ নকৰাত বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে।