ৰাজ্যত অহা ১৫মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। উক্ত পৰীক্ষাত বিগত বৰ্ষৰ বাবে বাচনি কৰা প্ৰশ্ন কাকতকে ব্যৱহাৰ কৰা হব বুলি চেবাৰ তৰফৰ পৰা ইতিমধ্যে পৰীক্ষা কেন্দ্ৰ সমূহৰ তত্বাৱধায়কক অৱগত কৰাৰ পিছতে সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইয়াৰ প্ৰথম কাৰন হল, পূৰ্বে দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ পৰা ৩০শতাংশ পাঠ বাদ দিয়াৰ বিপৰীতে ২১-২২বৰ্ষৰ পাঠ্যক্ৰমৰ পৰা কেন্দ্ৰীয় শিক্ষানীতিৰ আধাৰত পূৰ্বৰ ৪০শতাংশ পাঠ বাদ দিয়া হৈছে। এতিয়া বিগত বৰ্ষৰ প্ৰশ্নকাকতৰ ভিত্তিত পৰীক্ষা দিবলৈ হলে তাত পূৰ্বৰ পাঠ্যক্ৰম বৰ্হিভূত পাঠ্যক্ৰমৰ বিষয় বা প্ৰশ্ন অৰ্ন্তভূক্ত হলে কি হব সেই বিষয়ে কোনো কথা ৰাজহুৱাকৈ স্পষ্ট কৰা নাই চেবা কৰ্তৃপক্ষই।
জানিব পৰা মতে, কোভিড পৰিস্থিতিত সকলো পৰীক্ষাৰ্থী অনলাইন ক্লাছ কৰিব নোৱাৰা বিষয়টোলৈ লক্ষ্য ৰাখি বিগত বৰ্ষৰ প্ৰশ্ন কাকতত প্ৰায় ৪০শতাংশ পাঠ বাদ দিয়েই প্ৰশ্ন বাচনি কৰা হৈছিল। বিগত বছৰত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাত এই প্ৰশ্ন কাকত সমূহ অব্যৱহৃত অৱস্থাত থাকি যায়। সেয়েহে সেই প্ৰশ্নকাকতকে আগন্তুক পৰীক্ষাত ব্যৱহাৰ কৰিলেও শিক্ষাৰ্থীসকল পঢ়া বিষয় বৰ্হিভূত প্ৰশ্নৰ সন্মুখীন হব লগা নহ’ব।
কিন্তু কেৱল পৰীক্ষাকেন্দ্ৰৰ তত্বাৱধায়কক বিষয়টো অৱগত কৰিলে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীক কিদৰে তেওঁলোকে পতিয়ন নিয়াব পাৰিব সেয়া লৈ পৰীক্ষাকেন্দ্ৰৰ অধ্যক্ষ তথা তত্বাৱধায়ক দুঃচিন্তাত পৰাই নহয়, শিক্ষকসকলৰ মাজতো এই লৈ অনিশ্চয়তা আৰু আশংকাৰ সৃষ্টি হৈছে। কিয়নো এই বিষয়ে ৰাজহুৱাকৈ একো নজনা শিক্ষাৰ্থীয়ে পৰীক্ষাকেন্দ্ৰত গৈ ২০২১চন লিখা প্ৰশ্নকাতত দেখিলেই বিবুধিত পৰিব লগা হব পাৰে।
দুই-এদিনৰ ভিতৰতে চেবাই সকলো কথা স্পষ্ট কৰি দিব নোৱাৰিলে ১৫আগষ্টৰ পৰা অনুষ্ঠিত হব লগা শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী-অভিভাৱকসকলৰ মাজত অব্যাহত থকা মানসিক চাপে লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত অনিশ্চিত কৰি তোলাৰ আশংকাৰ লগতে পৰীক্ষা আৰম্ভ হোৱা দিনটোতেই ৰাজ্যজুৰি অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাও নথকা নহয়।