কানাডাত এক নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে। খোজকাঢ়ি গৈ থকা এটা মুছলমান পৰিয়ালৰ ৫জন লোকক এজন লোকে বাহনেৰে খুন্দা মাৰে। এই ঘটনাটোত ৪জন লোকে প্ৰাণ হেৰুৱাই আৰু এটি শিশু গুৰুতৰভাৱে আহত হয়। আহত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনা সন্দৰ্ভত কানাডা আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে। ঘটনাটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে, চালকজনে পৰিয়ালটো মুছলমান হোৱাৰ বাবে লক্ষ্য কৰি লৈছিল।
অণ্টাৰিঅ’ত আৰক্ষীয়ে ক’লে য়ে, মৃত লোককেইজন ক্ৰমে ৭৪ বছৰীয়া মহিলা, ৪৬ বছৰীয়া পুৰুষ, ৪৪ বছৰীয়া মহিলা আৰু এগৰাকী ১৫ বছৰীয়া যুৱতী। আৰক্ষীয়ে জনোৱা অনুসৰি ৯ বছৰীয়া শিশুটি বৰ্তমান হাস্পতালত চিকিৎসাধীন।
অভিযুক্ত গ্ৰেপ্তাৰ
আৰক্ষীয়ে ক’লে যে, পৰিয়ালৰ লোকে নাম উল্লেখ নকৰিবলৈ অনুৰোধ জনাইছে। ঘটনা সন্দৰ্ভত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ক’লে যে, সন্দেহজনক নাথানীল বেল্টমেন(২০) অণ্টাৰিঅ’ত বাস কৰি আছিল।