ডুবাইত ইণ্ডিয়া কনচুলেট হলৰ প্ৰেক্ষাগৃহত ২৯ মাৰ্চৰ নিশা তিনি অসম জীয়ৰীয়ে প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যই আপ্লুত কৰে প্ৰবাসী ভাৰতীয়ৰ লগতে ডুবাইৰ কেবা শতাধিক লোকক। সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা শিল্পী সকল আছিল ক্ৰমে শ্রেয়সী ঠাকুৰীয়া , জিজ্ঞানন্দিনী কাশ্যপ আৰু ৰিমজিম কাশ্যপ। আনহাতে গুৱাহাটীৰ নৰ্তন কলা নিকেতনৰ গুৰু সংগীত নাটক অকাডেমি বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰ, নৃত্য পটীয়সী ৰুমী তালুকদাৰ আৰু গুৱাহাটীৰে আন এটি বিখ্যাত অনুষ্ঠান নূপুৰ সাংস্কৃতিক একাডেমীৰ অধ্যক্ষ গুৰু ডঃ মনীষা দেৱী গোস্বামী আৰু সুস্মিতা চক্ৰৱৰ্তীযেও তাত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে। ভাৰত নাট্যমৰ দুগৰাকী শিল্পীয়েও অসমৰ হৈ ভাৰত নাট্যম নৃত্য প্ৰদৰ্শন কৰে। অতি গুৰুত্বপূৰ্ণ কথাটো হল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টিৰাজিক সত্ৰীয়া নৃত্যক ইমান সুন্দৰ আৰু সাৱলীল ভাৱে পৰিবেশন কৰি তিনিগৰাকী শিল্পীয়ে ডুবাইৰ সকলো দৰ্শক ৰাইজক একপ্ৰকাৰ মন্ত্ৰমুগ্ধ কৰে।
আনহাতে ৰামকৃষ্ণ তালুকদাৰৰ লগত যোৱা তিনিগৰাকী শিল্পী ক্ৰমে ডঃ মনীষা গোস্বামী, নৃত্য পতীয়সী ৰুমী তালুকদাৰ আৰু সুস্মিতা চক্ৰৱৰ্তীয়ে সুন্দৰ ভাৱে ৰামকথাত অংশগ্ৰহণ কৰি সকলো দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ইতিমধ্যে গুৰু ৰামকৃষ্ণ তালুকদাৰ, আৰু ডঃ মনীষা দেৱী গোস্বামী, ৰুমী তালুকদাৰ তিনিওগৰাকীয়ে বৰ্তমান দেশ বিদেশতো সত্ৰীয়া নৃত্যৰ প্ৰচাৰত নামি পৰিছে।