ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত তিনিটা ভয়ংকৰ পথ দুৰ্ঘটনাত শণিবাৰে ৩ জনলোক নিহত হোৱাৰ লগতে আহত হয় ২৩ জনকৈ লোক ।
বিশ্বনাথ জিলাৰ বালিজানত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ।
এখন ব্যক্তিগত বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৩০ ফুট দ এটা খাৱৈত বাগৰি পৰাৰ ফলত প্ৰাণ গ’ল ২ জন লোকৰ।
ভাৰতীয় ষ্টেট বেংকৰ বালিজান শাখাৰ ৪ জন কৰ্মচাৰী আছিল বাহনখনত ।
নিহত লোক দুজনক বিশাল ৰাজ আৰু ৰামেশ্বৰ ওৰাং বুলি চিনাক্ত কৰা হৈছে ।
আৰক্ষীৰ ভাষ্য অনুসৰি, এচ ডি আৰ এফ বাহিনীৰ লোকে শণিবাৰে পুৱা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাত পতিত বাহনখন উদ্ধাৰ কৰে ।
আহত লোকদুজনক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায় ।
একেদিনাই নগাঁওৰ তেলিয়াগাঁৱত সংঘটিত হয় অন্য এটা বাছ দুৰ্ঘটনা ।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লা ভৰ্তি এখন ট্ৰাক আৰু বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত আহত হয় ২০ গৰাকী লোক ।
নগাঁও জিলাৰ ৰাংলো অঞ্চলত সংঘটিত আন এটা দুৰ্ঘটনাত মৃত্যু হয় এজন বাইকচালকৰ ।
দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় বাইকআৰোহীৰ ।
এখন ট্ৰাকে পিছফালৰ পৰা খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।