অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে নিয়োগ কৰিছে তিনিগৰাকী বিশেষ কেন্দ্ৰীয় পৰ্যবেক্ষক ৷
এক বিবৃতিযোগে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে চিইঅ’ৰ কাৰ্যালয়ে ৷
অৱসৰপ্ৰাপ্ত আইএএচ বিষয়া সুদৰ্শন শ্ৰীনিবাসনক নিয়োগ কৰিছে বিশেষ সাধাৰণ পৰ্যবেক্ষক হিচাপে ৷
প্ৰাক্তন আইপিএচ বিষয়া অশোক কুমাৰক নিৰ্বাচনৰ বাবে বিশেষ আৰক্ষী পৰ্যবেক্ষকৰ দায়িত্বত নিয়োগ কৰিছে ৷
প্ৰাক্তন আইআৰএচ বিষয়া নীমা নিগম বিশেষ ব্যয় পৰ্যবেক্ষকৰ দায়িত্বত থাকিব ৷
সৰ্বমুঠ ৯০গৰাকী সাধাৰণ, ৩১গৰাকী আৰক্ষী আৰু ৫৩গৰাকী ব্যয় নিৰীক্ষক নিয়োগ কৰিছে নিৰ্বাচনৰ উপলক্ষে ৷
উল্লেখ্য, ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম বিধান সভা নিৰ্বাচন ৷
photo: google