নিউজ ডেস্কঃ অচিৰেই ৰাজ্যত নিৰ্মাণ কৰা হ’ব ১২০ মেগাৱাট উৎপাদনক্ষম জলবিদ্যুৎ প্ৰকল্প ৷
অসমত বিদ্যু্ৎ যোগান বৃদ্ধিৰ বাবে নিৰ্মান কৰা হ’ব এই প্ৰকল্প৷
এচিয়ান ডেভেলপমেণ্ট বেংক(ADP)ৰ পৰা ২৩১ মিলিয়ন ডলাৰ ঋণ লব ভাৰত চৰকাৰে৷
৩০ ডিচেম্বৰত ইতিমধ্যেই লোনৰ বাবে এ.ডি.পি. ৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছে ভাৰত চৰকাৰে৷
প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পটি নিৰ্মাণ হ’ব কপিলী নদীৰ ওপৰত যি ২০২৫ৰ ভিতৰত ৪৬৯ গিগাৱাট ঘন্টা সৰৱৰাহ কৰিবলৈ সক্ষম হ’ব আৰু প্ৰতিবছৰে ৩৬০০ টন কাৰ্বন-ডাই-অক্সাইড গেছৰ দ্বাৰা সেউজগৃহ গেছ নিৰ্গমনত সহায় কৰিব৷
এ.ডি.পি বৰ্ডে ২০১৪ চনৰ জুলাই মাহতে অনুমোদন জনাইছিল এই ঋণত৷
অসমৰ শক্তিখণ্ডত বিনিয়োগ কাৰ্যৰ বাবে এ.ডি.পি বৰ্ডে অনুমোদন জনোৱা এইটো তৃতীয়টো অংশীদাৰী ঋণ৷
পূৰ্বৰ দুয়োটা ট্ৰেঞ্চো অসমত বিদ্যুৎ উৎপাদন বৃদ্ধি আৰু উন্নত বিতৰণ ব্যৱস্থাৰ বাবে ‘আচাম পাৱাৰ চেক্টৰ ইনভেষ্টমেণ্ট প্ৰ’গ্ৰেম’ ৰ অন্তৰ্ভুক্ত আছিল৷
ভাৰত চৰকাৰৰ হৈ চুক্তিত স্বাক্ষৰকাৰী ডঃ চি এচ মহাপাত্ৰ, বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক বিষয়ৰ অতিৰিক্ত সচিব ৷
আৰু এচিয়ান ডেভেলপমেণ্ট বেংকৰ বাবে স্বাক্ষৰ প্ৰদান কৰিছে এ.ডি.পি ৰ ভাৰত আৱাসিক মিছনৰ অফিচাৰ ইনচাৰ্জ মিঃ হো য়ান জ্যং য়ে ৷