আজি অসম আৰক্ষী দিৱস। ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু তেতিয়াৰে পৰা এই দিনটোত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশৰ বাবে অসম আৰক্ষী দিৱস উদযাপন কৰি অহা হৈছে ।
১৯৫১ চনৰ ১ অক্টোবৰত অসম আৰক্ষী প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰা আই পি এছ কে আৰ চৌধুৰীৰ স্মৰণত প্ৰতি বছৰে ১ অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয়। উল্লেখ্য যে, ১৯২৯ ত চৈয়দ মহম্মদ ছাদুল্লাই অসম পুলিচৰ কমিটিখন গঠন কৰিছিল। প্ৰতিবছৰে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰাৰ লগতে ৰাজ্যজুৰি অসম আৰক্ষীৰ গৌৰৱোজ্বল ইতিহাসক স্মৰণ কৰি উলহ-মালহেৰে অসম আৰক্ষী দিৱস উদযাপন কৰা হয়।