পঞ্চদশ অসম বিধানসভাৰ ২০২৪ বৰ্ষৰ বাজেট অধিবেশনৰ আজি তৃতীয়টো দিনৰ কাৰ্যসূচীত সদনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হ’ব। এই অধিবেশনৰ প্ৰথম দিনৰ পৰাই সদনত বিৰোধীয়ে উত্তাল প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। তৃতীয় দিনাও সদনৰ পৰিৱেশ উত্তপ্ত হোৱাৰ সম্ভাৱনা থাকিব বুলি অনুমান কৰা হৈছে। এই বাজেট অধিবেশন ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ চলিব।
জানিব পৰা মতে, আজি বিধানসভাত ৬ খন বিধেয়ক উত্থাপন কৰা হ’ব। ইয়াৰে ৩ খন সংশোধনী বিধেয়ক। আজি অসম বিধানসভাৰ বাজেট অধিবেশনত উত্থাপিত হ’ব লগা বিধেয়ক কেইখন হৈছে–
- দ্য শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰচিটি বিল, ২০২৪
- দ্য কোকৰাঝাৰ ইউনিভাৰ্চিটি বিল, ২০২৪
- আছাম ষ্টেট স্কুল এডুকেশ্বন বৰ্ড বিল, ২০২৪
- দ্য দেউৰী অট’ন’মাছ কাউন্সিল (এমেণ্ডমেণ্ট) বিল, ২০২৪
- দ্য সোণোৱাল কছাৰী অট’ন’মাছ কাউন্সিল (এমেণ্ডমেণ্ট) বিল, ২০২৪
- দ্য তিৱা অট’ন’মাছ কাউন্সিল (এমেণ্ডমেণ্ট) বিল, ২০২৪
উক্ত ৬ খন বিধেয়কৰ শেষৰ তিনিখন হৈছে সংশোধনী বিধেয়ক।