সেমেকা বতৰৰ মাজত ৰাজ্যবাসীয়ে লৈছে শাৰদীয় দুৰ্গা পূজাৰ মাদকতা। এইবাৰ দুৰ্গা পূজাৰ একেটা দিনতে দুটাকৈ তিথি মিলাৰ বাবে একেটা দিনতে দুটাকৈ তিথিৰ যথাবিহিত পূজা সম্পন্ন কৰা হৈছে। সেয়ে মহাসপ্তমীৰ লগত কালিৰ দিনটোতেই আৰম্ভ হৈছে মহা অষ্টমীৰো পূজা। অৱশ্যে ভক্তগণে আজিহে মহা অষ্টমী হিচাপে পূজা, অৰ্চনা কৰিব। গৰিষ্ঠ সংখ্যক পূজা মণ্ডপতেই আজিয়েই অনুষ্ঠিত হৈছে অষ্টমীৰ বিহীত পূজা আৰু সন্ধি পূজা।
জানিব পৰা মতা মহা অষ্টমী পূজা উপলক্ষে আজি কামাখ্যা ধামত ১১ টাকৈ ম’হ বলি দিয়া হ’ব। কালিৰ দিনটোত মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা ১টা আৰু ভক্তৰ ফালৰ পৰা ৭ টা ম’হ বলি দিয়া হৈছিল।
পূজাৰ তিনিওটা দিনতে কামাখ্যা ধামত মুঠ ১৮ টা ম’হ বলি সম্পন্ন হ’ব। অৱশ্যে এই সংখ্যা বৃদ্ধিৰো সম্ভাৱনা আছে। কামাখ্যা ধামৰ উপৰিও নলবাৰী জিলাৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়, গুৱাহাটীৰ উগ্রতাৰা দেৱালয়, বগৰীবাৰীৰ মহামায়া দেৱালয়, বঙাইগাঁৱৰ বাঘেশ্বৰী মন্দিৰ, যোৰহাটৰ ঐতিহ্যমণ্ডিত বুঢ়ী গোঁসানীৰ থান, লখিমপুৰৰ পঞ্চানন দেৱালয়ৰ লগতে আন একাংশ থান-দেৱালয়তো অষ্টমী পূজা উপলক্ষে কোমোৰা, হাঁহ আৰু ছাগলী আদিক বলি শক্তিদায়িনী দেৱী দুর্গালৈ আগবঢ়োৱা হয়। ইফালে আজিয়েই মহা নৱমীৰো তিথি মিলাৰ বাবে বিভিন্ন মথ, মন্দিৰ তথা পূজা মণ্ডপত মহা নৱমীৰো যথাবিহিত পূজা অনুষ্ঠিত হ’ব।