আজি পৱিত্ৰ ঈদুজ্জোহা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম উৎসৱ হৈছে ঈদুজ্জোহা বা বকৰিদ অথবা ঈদ-উজ-জোহা। সমগ্ৰ দেশৰ লগতে অসমতো ইছলামধৰ্মী লোকসকলে পালন কৰিব এই পৱিত্ৰ উৎসৱটি। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদকলৈ যথেষ্ট উৎসাহ-উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। ঈদগাহ ময়দানৰ লগতে মছজিদসমূহ সজাই-পৰাই তোলা হৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ঈদ-উজ-জোহাৰ আভিধানিক অৰ্থ হৈছে- ত্যাগ, আনন্দ আৰু দান কৰা। এই নীতিকে সৰোগত কৰি ইছলামধৰ্মী লোকসকলে পালন কৰিব পৱিত্ৰ ঈদ উৎসৱ।
আজিৰ এই পৱিত্ৰক্ষণটিৰ বাবে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে সমূহ ইছলামধৰ্মী ৰাইজলৈ জনাইছে ঈদৰ শুভেচ্ছা