ডিচেম্বৰৰ ১ তাৰিখ, মঙলবাৰে আমিনগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অৰুণোদয় আচঁনি৷ ৩০ নৱেম্বৰ, সোমবাৰে জনতা ভৱনত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল অৰুণোদয় আঁচনিৰ৷ এই অভিলাষী আঁচনিখন হিতাধিকাৰীৰ বাবে মুকলি কৰিছিল মন্ত্ৰীগৰাকীয়ে৷ এই অৰুণোদয়ৰ আঁচনিৰ দ্বাৰা ১৮ লাখ ২০ হাজাৰ পৰিয়ালক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ বিটিএডিক বাদ দি ৰাজ্যৰ ২৯খন জিলাৰ ২২৯টা খণ্ডৰ ২৮,৩২৭খন সামৰি লব অৰুণোদয় আচঁনিয়ে৷ ২,৮০০ কোটি ব্যয়েৰে আঁচনিখনেৰে লাভান্বিত হ’ব ৰাজ্যৰ প্ৰায় ৯০ লক্ষাধিক লোক৷ আৰ্থিকভাৱে পিছপৰা পৰিয়ালে প্ৰতি মাহত ৮৩০ টকা সাহায্য লাভ কৰিব৷ পোনে পোনে গৃহিণীৰ একাউণ্টত অৰুণোদয়ৰ ধনৰ হস্তান্তৰ কৰা হ’ব ৷ প্ৰত্যেক হিতাধিকাৰীৰ ঘৰত ‘অৰুণোদয়’ আঁচনি লাভ কৰিব ৷ সুষম আহাৰ, ঔষধ ক্ৰয়ৰ বাবে চৰকাৰৰে এই সাহায্য লাভ কৰিব ৷ প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত এই ধন লাভ কৰিব হিতাধিকাৰীয়ে৷ এই আঁচনিৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিব ১৮০ কোটি টকা আৰু বছৰি ব্যয় হ’ব ২,৪০০ কোটি টকা৷ কোনো চৰকাৰী চাকৰি কৰা ব্যক্তিয়ে যদিহে এই আচঁনিৰ ধন লাভ কৰে তেন্তে চাকৰি কৰা ব্যক্তিৰ দৰমহাৰ পৰা এই ধন কৰ্তন কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত শৰ্মাই৷
এই আচঁনিৰ মূল লক্ষ্য হ’ল মহিলা সৱলীকৰণ ৷ নাৰীৰ যিকোনো সমস্যাৰ সমাধানত এই আচঁনিয়ে বিশেষভাৱে সহায় কৰিব ৷ সেয়েহে পোন প্ৰথমে মহিলাৰ বেংক একাউন্টত সোমাব ৷ উল্লেখ্য যে এই আচঁনিৰ গুৰুত্বপূৰ্ণ দিশ হ’ল কোনো পুৰুষৰ বেংক একাউন্টত পুঁজি নোসোমায় ৷ এই আচঁনি কেৱেল অবিৱাহিত, বিধৱা শাৰীৰিকভাৱে অক্ষম , আৰু বিবাহ বিচ্ছেদিত আদিকে ধৰি সকলো মহিলাক সামৰি ল’ব ৷