ক’ভিডৰ বাবে এবছৰ পিছুৱাই দিয়া বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ অলিম্পিক গেমছ ৩ জুলাইৰ পৰা ৮ আগষ্টলৈ জাপানৰ ৰাজধানী চহৰ টকিঅ’ত অনুষ্ঠিত হ’ব।
পিছে এতিয়াও অলিম্পিকৰ যোগ্যতা নিৰ্ণয়ৰ অপেক্ষাত আছে “ধিং এক্সপ্ৰেছ” হিমা দাস।হিমা দাসৰ সম্মূখত টকিঅ’ অলিম্পিকত যোগ্যতা অৰ্জনৰ বাবে অন্তিমটো সুযোগ আহিছে।পঞ্জাৱৰ পাটিয়ালাত ২৪-২৮ জুনত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাজ্যিক এথলেটিকছত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব পাৰিলেই টকিঅ’ অলিম্পিকৰ বাবে হিমা দাসে যোগ্যতা অৰ্জন কৰিব।
যোগ্যতা অৰ্জনৰ বাবে হিমা দাসে মহিলাৰ ব্যক্তিগত ২০০ মিটাৰ ৰীলেৰ দৌৰ ২২:০৮ ছেকেণ্ড আৰু মহিলাৰ ৪×১০০ মিটাৰ ৰীলেৰ দৌৰ ৪৪:৪৫ ছেকেণ্ডত সম্পূৰ্ণ কৰিব লাগিব।